ৰাজ্যপালক সাক্ষাৎ মুখ্য়মন্ত্ৰীৰ; অচিৰেই উচ্চ শিক্ষাত আহিব সংস্কাৰ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজভৱনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰি থকা কেইবাটাও কাৰ্যকলাপৰ বিষয়ে অৱগত কৰে।

বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু ৰাজ্যপাল অধ্যাপক মুখীয়ে উচ্চ শিক্ষাৰ গুণগত উন্নতি সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তেওঁলোকে ৰাজ্যখনৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ কাৰ্যপ্ৰণালী উন্নত কৰাৰ উপৰিও শিক্ষানুষ্ঠান সমূহক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পদ্ধতি সন্দৰ্ভত আলোচনাত মিলিত হয়।

এই আলোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, উচ্চ শিক্ষাৰ কাম-কাজ উন্নত কৰাৰ বাবে এগৰাকী যুটীয়া সচিবক, উচ্চ শিক্ষাৰ শিক্ষা তত্বাৱধায়ক তথা ৰাজ্যপালৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হ’ব। সেই যুটীয়া সচিব গৰাকীৰ কাৰ্যালয় জনতা ভৱন আৰু অসমৰ ৰাজভৱন দুয়োটাতে থাকিব। বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষা বিভাগৰ মাজত এক নিখুঁত সমন্বয় ৰখাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...