‘ব্ৰেণ্ড নর্থ-ইষ্ট’ ধাৰণাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ মুখ্যমন্ত্রীৰ

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

দিছপুৰ, ১৩ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকলৰ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ সৌজন্যত আয়োজিত দুদিনীয়া এই সন্মিলনৰ প্ৰথম পূৰ্ণ অধিৱেশনত কেন্দ্রীয় পর্যটন, সংস্কৃতি তথা উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় সংস্কৃতি তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু কেন্দ্ৰীয় পৰ্যটন তথা প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটো উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়নৰ বাবে সংস্কৃতি আৰু পৰ্যটন এই দুই ক্ষেত্ৰ হৈছে বিশেষ গুৰুত্ব প্ৰদান কৰিবলগীয়া বিষয়। প্রথমবাৰৰ বাবে – কেন্দ্ৰীয় মন্ত্ৰীসভাত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়েই পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰালয়ৰো দায়িত্ব লাভ কৰাটো এইক্ষেত্ৰত অঞ্চলটোৰ বাবে এক সুবর্ণ সুযোগ বুলি অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সুদক্ষ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰ আৰু পৰ্যটন উদ্যোগটোৱে বিকাশৰ এক নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই যাতায়াত-যোগাযোগৰ দিশৰ পৰা পাৰস্পৰিকভাৱে সংযুক্ত হৈ আছে বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে যদিও আমাৰ প্ৰতিখন ৰাজ্যই সুকীয়া সুকীয়া সাংস্কৃতিক বৈভৱেৰে চহকী, তথাপি প্ৰায়বোৰ ক্ষেত্ৰতেই আমাৰ সাদৃশ্য আছে। তেওঁ কয় যে স্বাধীনতাৰ পিছত সুদীর্ঘ কাল ধৰি দেশৰ অন্যান্য অংশৰ তুলনাত অৱহেলিত হৈ থকা এই অঞ্চলটোৰ উন্নয়নে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালতহে পোনপ্ৰথমবাৰৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছিল। উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয় গঠনেৰে অঞ্চলটোলৈ ৯০:১০ অনুপাতত পুঁজি আবণ্টনৰ ব্যৱস্থাৰ সূচনা কৰি প্রাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰা এই প্ৰক্ৰিয়াটোক নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে এক নতুন মাত্রা প্রদান কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...