বৃহৎ পৰ্যায়ত গছপুলি ৰোপণৰ বাবে এনে কাৰ্যসূচী ভাৰতবৰ্ষৰ আন ৰাজ্যত হোৱা নাই : মুখ্যমন্ত্রী

একে স্থানতে ২৪ ঘণ্টাৰ ভিতৰত ৯ হাজাৰ অংশগ্ৰহণকাৰীৰ এটা দলৰ দ্বাৰা ১০লাখ গছপুলি ৰোপণৰ বাবে ভৈৰৱকুণ্ডত আয়োজিত কার্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

বৃহৎ পৰ্যায়ত গছপুলি ৰোপণৰ বাবে এনেধৰণৰ কাৰ্যসূচী ভাৰতবৰ্ষৰ আন ৰাজ্যত হোৱা নাই : মুখ্যমন্ত্রী

অসমে আজি শৈক্ষিক, বৃক্ষৰোপণ, ক্রীড়া, সাংস্কৃতিক আদি আন্দোলনৰ জৰিয়তে এক শক্তিশালী অসম গঢ়াৰ যাত্ৰাত অগ্ৰসৰ হৈছে – মুখ্যমন্ত্রী

একে স্থানতে ২৪ ঘণ্টাৰ ভিতৰত ৯ হাজাৰ অংশগ্রহণকাৰীৰ এটা দলৰ দ্বাৰা ১০০ হেক্টৰ ভূমিত ১০ লাখ গছপুলি ৰোপণৰ বাবে আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত আয়োজিত এক কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে বৃক্ষ অর্থনীতি গঢ়ি তোলা আৰু গছপুলি ৰোপণেৰে নৱপ্ৰজন্মই যাতে এক প্রগতিশীল ভৱিষ্যৎ গঢ়ি তুলিব পাৰে সেই উদ্দেশ্যেৰে আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰে বিশ্ব অভিলেখ গঢ়াৰ আন এটি সবল খোজ আগবঢ়ায়।

সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজিৰ দিনটো ৰাজ্যৰ বাবে এটা অত্যন্ত স্মৰণীয় দিন বুলি অভিহিত কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে এক কোটি গছপুলি একেদিনাই ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই আন্দোলন যোৱা ৮ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে আৰু অহা ১৭ ছেপ্টেম্বৰলৈকে বিভিন্ন পর্যায়ত বিশ্ব অভিলেখ সৃষ্টি কৰাৰ দিশত অগ্ৰসৰ হৈছে। যোৱা ৮ ছেপ্টেম্বৰত প্ৰায় ২২ কিঃমিঃ দৈৰ্ঘ্যৰ ৩.৫ লাখ গছপুলিৰ বৃহৎ কুণ্ডলী সৃষ্টি কৰা হৈছিল। গুৱাহাটীৰ খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত সৃষ্টি কৰা এই কুণ্ডলী বিশ্ব অভিলেখ লাভৰ বাবে গীণিজ বুক অৱ ৱৰ্ল্ড রেকর্ড কর্তৃপক্ষৰ বিবেচনাধীন হৈ আছে। মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী ১০ ছেপ্টেম্বৰ তাৰিখে একেদিনাই ৩.৫ লাখ গছপুলি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ পৰা বিতৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে একেদিনাই একে স্থানৰ পৰা ২০১৮ চনত ৭৬ হাজাৰ গছপুলি বিতৰণেৰে উত্তৰ প্রদেশে বিশ্ব অভিলেখ স্থাপন কৰিছিল। যোৱা ১০ ছেপ্টেম্বৰৰ কাৰ্যসূচীৰ দ্বাৰা এতিয়া অসমে উত্তৰ প্ৰদেশৰ এই অভিলেখ ভংগ কৰাৰ স্বীকৃতি লাভৰ অপেক্ষাত আছে। তেওঁ লগতে কয় যে যোৱা ১১ ছেপ্টেম্বৰত অনলাইন মাধ্যমত এক পাঠদানৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ বাবে প্ৰয়াস কৰা হৈছিল। ইউটিউবত সৰ্বাধিক সংখ্যক দর্শকে এই পাঠদান প্রত্যক্ষ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে একেলগে ৭০ হাজাৰ লোকে ল’গ ইন কৰাৰ লগতে এতিয়ালৈকে ৭.২৫ লাখ লোকে এই ভিডিঅ’ প্ৰত্যক্ষ কৰিছে আৰু এই সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাই আছে।

অমৃত বৃক্ষ আন্দোলনেৰে গছপুলি ৰোপণৰ উপৰি অভিলেখ গঢ়াৰ এই প্ৰক্ৰিয়া অব্যাহত ৰাখি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত ২৪ ঘণ্টাৰ ভিতৰত ১০০ হেক্টৰ ভূমিত ১০ লাখ গছপুলি ৰোপণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই গছপুলি ৰোপণ প্রক্রিয়া যোৱা নিশাবে পৰা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে ইয়াৰ পূৰ্বে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আছিল ২৪ ঘণ্টাৰ ভিতৰত একেটা স্থানতে সৰ্বাধিক গছপুলি ৰোপণৰ বিশ্ব অভিলেখৰ অধিকাৰী। আজিৰ অনুষ্ঠানত গছপুলি ৰোপণ কাৰ্যত জড়িত জনসাধাৰণক উৎসাহিত কৰি মুখ্যমন্ত্ৰীয়ে অসমে যাতে নতুন অভিলেখ গঢ়িব পাৰে তাৰ বাবে পূর্ণোদ্যমে গছপুলি ৰোপণ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আহ্বান জনায়। এই গছপুলি ৰোপণ প্রক্রিয়াত বন বিভাগ, সেনা বাহিনী, অৰ্ধসামৰিক বাহিনীৰ লোকেও সহায়-সহযোগিতা আগবঢ়াইছে বুলিও তেওঁ কয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অমৃত বৃক্ষ আন্দোলনৰ অধীনত আৰু এটা অভিলেখ স্থাপনৰ বাবে অসমে অহা ১৫ ছেপ্টেম্বৰত নাহৰকটীয়াত আন এক প্রয়াস চলাব। এই প্রয়াসৰ অধীনত এক ঘণ্টাৰ ভিতৰত ৩.৫ লাখতকৈও অধিক গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপত যদি অসমে সফলতা লাভ কৰে সেয়াও এক বিশ্ব অভিলেখত পৰিণত হ’ব। তেওঁ লগতে কয় যে ষষ্ঠ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে অহা ১৬ ছেপ্টেম্বৰত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ৪ লাখৰো অধিক গছপুলিৰে অসমৰ মানচিত্ৰ অংকন কৰি বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য লৈছে। পৰৱৰ্তী ১৭ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে একেদিনাই তিনিটা বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰে প্ৰথম পদক্ষেপ হিচাপে সেইদিনা শিৱসাগৰ জিলাৰ গেলেকীত একেলগে ৫০ হাজাৰ লোকে গছপুলি ৰোপণ কৰিব। ইয়াৰ উপৰি অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে সকলোৱে লগ হৈ ১ কোটি গছপুলি ৰোপণ কৰিব আৰু ইয়াৰ ফটো অনলাইনত জনসাধাৰণে আপলোড কৰিব। গছপুলি ৰোপণৰ ফটো এলবাম অনলাইনত উপলব্ধ হ’ব বুলি তেওঁ কয়। ই আন এক বিশ্ব অভিলেখ স্থাপন হ’ব। অহা ১৭ ছেপ্টেম্বৰত ৪০ লাখতকৈও অধিক লোকে একেলগে লগ হৈ ৱেবচাইট, পোৰ্টেলত ভৱিষ্যৎ প্ৰজন্মৰ বাবে গছপুলি ৰোপণ কৰা আৰু গছপুলিক ৰক্ষণাবেক্ষণ দিয়াৰ শপত বাক্য পাঠ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে এনে ধৰণৰ বৃহৎ পদক্ষেপ ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে হোৱা নাই। অমৃত বৃক্ষ আন্দোলনৰ দৰে মহান আন্দোলনত সকলোৱে নিজকে জড়িত কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত পূর্বে দাবীক লৈ আন্দোলন হৈছিল। এতিয়া শিক্ষা, বৃক্ষ ৰোপণ, ক্রীড়া, সাংস্কৃতিক আদি বিষয়ক লৈ আন্দোলন আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে বিহুৰ পিছত বাগুৰুম্বাক লৈ আন এক বিশ্ব অভিলেখ স্থাপনৰ পদক্ষেপ লোৱা হ’ব।

আজিৰ এই অনুষ্ঠানত হস্ততাঁত বস্ত্রশিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, সাংসদ দিলীপ শ‍ইকীয়া, পৱিত্ৰ মাৰ্ঘেৰিটা, বিটিআৰ প্ৰধান প্রমোদ বড়ো, বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ বসুমতাৰী, বিধায়ক চৰণ বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্যসকল, বন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবী শংকৰ প্ৰসাদ, প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, বিটিআৰৰ প্ৰধান সচিব আকাশদ্বীপ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...