মিছিং স্বায়ত্তশাসিত পৰিষদক কি আহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী, ২২ জুন, NKTV: কৃষি, উদ্যান শস্য আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদনত অগ্রণী ভূমিকা ল’বলৈ মিছিং স্বায়ত্তশাসিত পৰিষদক মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ধেমাজি জিলাৰ গেৰুকামুখস্থিত গ্রামীণ জীৱিকা সমল কেন্দ্র চৌহদত মিছিং স্বায়ত্তশাসিত পৰিষদৰ নৱনির্মিত অতিথিশালা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। উল্লেখ্য যে, এই নতুন অতিথিশালাটো ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ এম এ চি এ অ পি পুঁজিৰ ১৬৯.৫৮ লাখ টকাৰে নিৰ্মাণ কৰা হৈছে।

এই অতিথিশালাটোত বিধায়ক ছিগনেচাৰ প্ৰকল্পৰ অধীনত এটা দক্ষতা বিকাশ কেন্দ্রও থাকিব। অতিথিশালাটো উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনত আমিষ আৰু দুগ্ধজাত সামগ্ৰীৰ যথেষ্ট চাহিদা থকা সত্ত্বেও ৰাজ্যখনত ইয়াৰ উৎপাদন পর্যাপ্ত নহয়। মুখ্যমন্ত্ৰীয়ে মিছিং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াসকলক এই চৌহদক কৃষি, উদ্যান শস্য, পশুধন আৰু দুগ্ধজাত সামগ্রী উৎপাদনৰ এক সমল কেন্দ্র হিচাপে গঢ়ি তােলাৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়। এই অনুষ্ঠানত ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ (বি টি চিৰ বাহিৰৰ) বিভাগৰ মন্ত্রী ডাঃ ৰনোজ পেণ্ড, সাংসদ প্রদান বৰুৱা , বিধায়ক ভূবন পেগু, মিছিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ আৰু মুখ্য কার্যবাহী সদস্য ক্ৰমে সুনীল পেগু আৰু পৰমানন্দ চায়েঙীয়াকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...