প্ৰতিষেধক অভিযানৰ প্ৰথম দিনটোতে অসমৰ ব্যাপক সফলতা

0 1

গুৱাহাটী, ২১ জুন, NKTV:  অসমক ক’ভিডমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আজিৰে পৰা আৰম্ভ কৰা ব্যাপক ক’ভিড প্ৰতিষেধক অভিযানলৈ বিপুল সঁহাৰি জনাইছে ৰাজ্যবাসীয়ে। এই অভিযানৰ প্ৰথম দিনাই প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত দৈনিক লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হ’ল ৰাজ্যখনে। ভাৰত চৰকাৰৰ Co-win প’ৰ্টেলত সোমবাৰে নিশা ৮ বজা পৰ্যন্ত আপলোড হোৱা তথ্য অনুসৰি ৰাজ্যখনৰ ৩,৩০,৮৪৯গৰাকী লোকক আজি প্ৰথম দিনা ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। তদুপৰি, অসমৰ প্ৰতিষেধক কেন্দ্ৰসমূহৰ পৰা এতিয়াও আৰু যথেষ্ট সংখ্যক অফলাইন পঞ্জীয়নৰ তথ্য আপলোড হ’বলৈ থকালৈ চাই নিশালৈ এই সংখ্যা অধিক পোৱাৰ সম্ভাৱনা আছে। এই অভিযানৰ প্ৰথম দিনাই এনে ব্যাপক সঁহাৰিৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। নিশা এক বাৰ্তাত স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোকে বিনামূলীয়া ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰি অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰীক্ষণ আৰু তদাৰকতাত ৰাজ্য চৰকাৰে আজিৰে পৰা ব্যাপক ক’ভিড প্ৰতিষেধক অভিযান আৰম্ভ কৰিছে। অসমক ক’ভিডমুক্ত কৰাৰ বাবে স্বাস্থ্য বিভাগে প্ৰত্যেক জিলা প্ৰশাসনৰ সহযোগত দৈনিক ৩ লাখ গৰাকীকৈ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে এই মহা অভিযান আৰম্ভ কৰি আজি প্ৰথম দিনা নিৰ্ধাৰিত লক্ষ্য সফলতাৰে অতিক্ৰম কৰিবলৈ সফল হৈছে। ব্যাপক হাৰত প্ৰতিষেধক গ্ৰহণৰ বাবে ৰাইজ আগবাঢ়ি অহা কাৰ্যই অসমক ক’ভিডমুক্ত কৰাৰ দিশত অসমবাসীৰ সংকল্পবদ্ধতাকে প্ৰতীয়মান কৰিছে। পৰৱৰ্তী দিনসমূহতো ৰাইজৰ এনে সঁহাৰিয়ে অতি সোনকালেই আমাক ঈপ্সিৎ লক্ষ্যত উপনীত কৰাত সহায় কৰিব। ৰাজ্যবাসীক ক’ভিড প্ৰতিষেধক অভিযানলৈ এই আশাপ্ৰদ সহযোগিতাৰ বাবে আমি ধন্যবাদ জনাইছো। এই অভিযানত জৰিত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী, চিকিৎসক-স্বাস্থ্যকৰ্মী, আশাকৰ্মী, আৰক্ষী, স্বেচ্ছাসেৱক, শিক্ষককে ধৰি সকলোলৈকে অভিনন্দন জনোৱাৰ লগতে এই ব্যাপক ক’ভিড প্ৰতিষেধক অভিযানৰ প্ৰথমটো দিন সফল কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে সকলোৰে শলাগ লৈছো। ব্যাপক ক’ভিড প্ৰতিষেধক অভিযানৰ পৰৱৰ্তী প্ৰতিটো দিনো সাফল্যমণ্ডিত কৰি তোলাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ ৰাইজৰ প্ৰতি পুনৰবাৰ আহ্বান জনাইছো।’ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসমত এই বৃহৎ ক’ভিড প্ৰতিষেধক অভিযানৰ বাবে প্ৰয়োজন হোৱা ক’ভিড প্ৰতিষেধক পৰ্যাপ্ত পৰিমাণে আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীকো কৃতজ্ঞতা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰো শলাগ লৈ স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘দৈনিক ৩ লাখকৈ লোকক টীকাকৰণৰ লক্ষ্য পূৰাব পৰাকৈ অসমক পৰ্যাপ্ত পৰিমাণৰ বিনামূলীয়া ক’ভিড প্ৰতিষেধক আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো চুক-কোণ সামৰি ১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী লোককে এই বিনামূলীয়া ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য বিভাগে জিলা প্ৰশাসনসমূহৰ সহযোগত চলোৱা অভিযানক সফল কৰি তোলাৰ ক্ষেত্ৰত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছ আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে। ইয়াৰ বাবে আমি মুখ্যমন্ত্ৰীগৰাকীকো কৃতজ্ঞতা জনাইছো।’ তেওঁ লগতে উল্লেখ কৰে যে সকলো জিলাৰ অভিভাৱক মন্ত্ৰীসকল আৰু জিলাৰ অভিভাৱক আয়ুক্ত সচিব সকলেও আজি নিজৰ দায়িত্বত থকা জিলালৈ গৈ এই প্ৰতিষেধক অভিযানৰ তদাৰক কৰিছে। একেদৰে, মুখ্যমন্ত্ৰীৰ আহ্বানত বিধায়কসকলেও নিজ নিজ সমষ্টি এলেকাত এই অভিযানৰ তদাৰক কৰাৰ লগতে অভিযানটোত জৰিত হৈ বিষয়া-কৰ্মচাৰী, চিকিৎসক-স্বাস্থ্যকৰ্মী, আশাকৰ্মী আদিৰ লগতে ৰাইজৰ উৎসাহ বৃদ্ধি কৰিছে। সকলোৰে ব্যাপক অংশগ্ৰহণ আৰু সহযোগিতাত অসমে আগন্তুক স্বাধীনতা দিৱসৰ সমলৈকে ক’ভিডমুক্ত ৰাজ্যত পৰিণত হোৱাৰ দিশত নিৰ্ণায়ক সফলতা আহৰণ কৰিবলৈ সক্ষম হ’ব বুলিও স্বাস্থ্যমন্ত্ৰী মহন্তই আশা কৰে। উল্লেখ্য যে, স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আজি এনএইচএমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু বিভাগীয় উচ্চ পদস্থ বিষয়াৰ দলসহ কামৰূপ মহানগৰ জিলাৰ তিনিটা, মৰিগাঁৱৰ দুটা আৰু নগাঁও জিলাৰ তিনিটা ক’ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰি নাৰ্ছ-স্বাস্থ্যকৰ্মী, আশাকৰ্মী, স্বেচ্ছাসেৱক তথা প্ৰতিষেধক গ্ৰহণকাৰী ৰাইজৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰসমূহত থকা প্ৰতিষেধক প্ৰদান ব্যৱস্থাপনাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ মিচাৰ কেলিডেন চাহ বাগিচা আৰু জখলাবন্ধা মিলন সংঘ ক’ভিড প্ৰতিষেধক কেন্দ্ৰ ভ্ৰমণৰ সময়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা আৰু নগাঁৱৰ উপায়ুক্তও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.