যোগ্য ভোগ্য বসুন্ধৰা! কনিষ্টবল পদত নিযুক্ত হ’ল বৰচিং বে’

গুৱাহাটী, ২৬ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱন চৌহদত অসম আৰক্ষীৰ দ্বাৰা আয়ােজিত এক অনুষ্ঠানত গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে সততা আৰু সাহসিকতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰা বৰচিং বে’ক অসম আৰক্ষীৰ কনিষ্টবল পদত আনুষ্ঠানিকভাৱে নিযুক্তিপত্র প্রদান কৰে। উল্লেখ্য যে, যােৱা ২১ জুনত কাৰ্বি আংলং আৰক্ষীয়ে এখন বাছত তালাচী চলাওতে ১২ কোটি টকা মূল্যৰ প্রায় ৩ কেজি পৰিমাণৰ মেথামফেটামাইন উদ্ধাৰ কৰাৰ লগতে দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই অভিযানৰ সময়তে গৃহৰক্ষী বাহিনীৰ জোৱান বৰচিং বে’ই সৰবৰাহকাৰীয়ে প্ৰদান কৰা প্রলােভন প্রতাখ্যান কৰি সততা আৰু নিষ্ঠাৰ বিৰল পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। এই উপলক্ষে আয়ােজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে সততা আৰু সাহসিকতাক এইখন চৰকাৰে সদায়ে সন্মান জনাই যাব। বৰচিং বে’ৰ দৰে গৃহৰক্ষী জোৱান এগৰাকীয়ে কোনাে প্রলােভনৰ প্ৰতি লালায়িত নহৈ সততা আৰু সাহসিকতাৰ যি পৰিচয় দাঙি ধৰিলে সিয়ে অসম আৰক্ষীৰ সকলাে বিষয়া-কৰ্মচাৰীৰ লগতে সকলােকে অনুপ্রাণিত কৰিব। ৰাজ্য চৰকাৰে সেয়েহে এনে ধৰণৰ অনুষ্ঠান পাতি তেওঁক সম্বর্ধনা জনােৱাৰ লগতে নিযুক্তিপত্র প্রদান কৰিছে যাতে ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনলৈ এই দিশত এক ইতিবাচক বার্তা প্ৰেৰণ কৰিব পৰা যায়।

মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী কৰ্মচাৰীক সততা আৰু সাহসিকতাক নিজৰ জীৱনৰ অংগ কৰি লােৱাৰ বাবে আহ্বান জনায়। অসমৰ ভৱিষ্যৎ প্রজন্মক ড্রাগছৰ দৰে মহাব্যাধিৰ পৰা আঁতৰাই ৰাখি এখন সুস্থ সমাজ গঢ়ি তােলাটো সকলােৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য বুলি উল্লেখ কৰি বৰ্তমানৰ চৰকাৰখনে কার্যভাৰ গ্ৰহণৰ পৰা অসম আৰক্ষীয়ে এই দিশত যুদ্ধকালীনভাৱে অভিযানত নামি পৰিছে বুলিও তেওঁ কয়। ডাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰাৰ ফলশ্ৰুতিত বিগত ৪৫ দিনত অসম আৰক্ষীয়ে প্রায় ১৩৫ কোটি টকা মূল্যৰ বিভিন্নধৰণৰ ড্ৰাগছ অসমৰ বিভিন্ন প্রান্তত ধৰা পেলাবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। ৰাজ্যখনত ড্ৰাগছ ধৰা নপৰা আৰু ড্ৰাগছ বিচাৰি নােপােৱা অৱস্থা এটাৰ সৃষ্টি কৰিলেহে এই দিশত সম্পূর্ণ সফলতা লাভ কৰিব পৰা যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। পূর্বতে মণিপুৰ সংলগ্ন ম্যানমাৰ সীমান্তৰ পৰা অসমৰ মাজেৰে ভাৰতৰ বিভিন্ন প্রান্তলৈ ড্ৰাগছৰ সৰবৰাহ হৈছিল যদিও লাহে লাহে আমাৰ ৰাজ্যখনতো ইয়াৰ এক বজাৰ গঢ় লৈ উঠাৰ উপক্ৰম হৈছিল বুলি উল্লেখ কৰি নৱ প্ৰজন্মক এই মহাব্যাধিৰ পৰা ৰক্ষা কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে বিশেষভাৱে গুৰুত্ব আৰােপ কৰিছে বুলিও তেওঁ কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...