মেডিকেল চাৰ্টিফিকেট জালিয়াতি কৰি আটক কৃষি বিষয়া

গুৱাহাটী, ২৬ জুন, NKTV: নগাঁও আৰক্ষীয়ে আটক কৰিছে নগাঁৱৰ মহকুমা কৃষি বিষয়া প্ৰৱীণ বৰুৱাক। হয়বৰগাঁও লাওখোৱা ৰোডৰ নন্দনপুৰৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰিছে বিষয়া গৰাকীক। বদলিৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰাবলৈ ক’ভিড পজিটিভৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল কৃষি বিষয়া গৰাকীয়ে। নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক চন্দন শৰ্মাই আন ৰোগ থকা বুলি কৃষি বিষয়াজনক দিয়া মেডিকেল চাৰ্টিফিকেটত নিজে লিখি লৈছিল ক’ভিড পজিটিভ বুলি। আনকি ক’ভিড পজিটিভ হোৱা বুলি দেখুৱাই নগাঁৱৰ পৰা মৰিগাঁও জিলালৈ বদলি কৰা নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ কৃষি বিভাগৰ যুটীয়া সচিবলৈ আবেদন কৰিছিল কৃষি বিষয়া গৰাকীয়ে। পিছত সকলো তথ্য পোহৰলৈ অহাত নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা° চন্দন শৰ্মাই দিয়া এজাহাৰৰ ভিত্তিত সদৰ থানাত এক গোচৰ ৰুজু কৰি নগাঁও আৰক্ষীয়ে আটক কৰে কৃষি বিষয়া গৰাকীক ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...