চাফাই অভিযানত নামিল কংগ্ৰেছ, এফালৰ পৰা নিকা কৰিলে হাস্পতাল চৌহদ

কেৱল ঘৰখনেই চাফা কৰিলে নহ’ব, আমাৰ চৌপাশো পৰিষ্কাৰ হ’ব লাগিব। এইবাৰ চিকিৎসালয়ত চাফাই অভিযান কংগ্ৰেছে। বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত মুকালমুৱা চিকিৎসালয়ৰ চৌহদত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। চিকিৎসালয়খনৰ চৌহদত হৈ থকা কদৰ্যময় পৰিবেশত অতিষ্ঠ হৈ আহিছে ৰোগীসকলে। চিকিৎসালয় খনৰ কদৰ্যময় পৰিবেশ দেখি চাফাই কৰিবলৈ হাতে কামে লাগিল কংগ্ৰেছ কৰ্মীসকল। চাফাই অভিযান কাৰ্যসূচীত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ লগতে কংগ্ৰেছ দলৰ ভাতৃ সংগঠন সমূহৰ সদস্যসকলে হাতে হাতে ঝাড়ু লৈ চলালে চাফাই অভিযান। উল্লেখযোগ্য যে, মুকালমুৱা সামূহিক চিকিৎসা কেন্দ্ৰক মুকালমুৱা অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰা হৈছিল। মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ এটা নতুন ভৱনৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হৈছে যদিও আজিলৈকে মুকলি হোৱা নাই চিকিৎসালয়খন। চিকিৎসালয়খন মুকলি কৰি ৰাইজৰ সুবিধা কৰি দিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগক আহ্বান জনায় কংগ্ৰেছৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...