নৱম শ্ৰেণীৰ ছাত্ৰই মেট্ৰিক পৰীক্ষা দিবলৈ গৈ জালত ছাত্ৰ

নৱম শ্ৰেণীৰ ছাত্ৰই মেট্ৰিক পৰীক্ষা দিবলৈ গৈ জালত ছাত্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী ৷ নবম শ্ৰেণীৰ ছাত্ৰই মেট্ৰিক পৰীক্ষা দিবলৈ আহি নিৰক্ষীকৰ হাতত ধৰা পৰিল ৷ কাছাৰ জিলাৰ কালাইনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটক এক ভুৱা পৰীক্ষাৰ্থী ৷ কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা হাইস্কুল শিক্ষান্তৰ পৰীক্ষা কেন্দ্ৰত এগৰাকী ভুৱা পৰীক্ষাৰ্থী আটক হয় ৷ আটক হোৱা ভুৱা পৰীক্ষাৰ্থী গৰাকী কালাইন আদৰ্শ বিদ্যাপীঠৰ নবম শ্ৰেণীৰ ছাত্ৰ দিলোৱাৰ হুছেইন তালুকদাৰ ৷ দিগৰখাল হাইস্কুলৰ চামিদ হুছেইন বৰভূঞাৰ হৈ পৰীক্ষাত বহিছিল আটক হোৱা ভুৱা পৰীক্ষাৰ্থীজনে। পৰীক্ষা চলি থকাৰ সময়তে নিৰীক্ষকে পৰীক্ষাৰ্থীগৰাকীক ভুৱা বুলি চিনাক্ত কৰে ৷ পাছত নিৰক্ষীকে ভুৱা পৰিক্ষাৰ্থীগৰাকীক কাটিগড়া আৰক্ষীৰ হাতত গতাই দিয়ে ৷ চামিদ হুছেইন বৰভূঞা নামৰ যুৱকজন কেইদিনমান পূৰ্বে ভুৱা আৰক্ষী বিষয়া সাজি ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৷ আজি সেই চামিদৰ হৈ পৰীক্ষাত অৱতীৰ্ণ হৈ আটক নৱম শ্ৰেণীৰ ছাত্ৰজন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...