দ্ৰুতবেগী বাইক আৰোহী ছাত্ৰই নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথচাৰীক

দ্ৰুতবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথচাৰীক। কামৰূপ জিলাৰ নগৰবেৰাৰ নতুন বদলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বাইকৰ খুন্দাত আহত এগৰাকী পথচাৰী মহিলা, লগতে আহত হয় বাইক আৰোহী দুই ছাত্ৰ। সোণতলী আৰাফা ৰয়েল একাডেমীৰ দুই ছাত্ৰ আনছাৰুল হক আৰু মিৰাজুল হকে বাইকেৰে টুপামাৰীৰ পৰা সোণতলী দিশে গৈ থকা অৱস্থাত নতুন বদলাত নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰী মহিলাগৰাকীক খুন্দা মাৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

এই দুৰ্ঘটনাটোত পথচাৰী মহিলা ৰেনুকা খাতুনৰ লগতে ছাত্ৰ আনছাৰুল হক আৰু মিৰাজুল হকো আহত হয়। আহতসকলক প্ৰথমে টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে আনছাৰুল হক আৰু ৰেনুকা খাতুনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...