দ্ৰুতবেগী বাইক আৰোহী ছাত্ৰই নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথচাৰীক

দ্ৰুতবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথচাৰীক। কামৰূপ জিলাৰ নগৰবেৰাৰ নতুন বদলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বাইকৰ খুন্দাত আহত এগৰাকী পথচাৰী মহিলা, লগতে আহত হয় বাইক আৰোহী দুই ছাত্ৰ। সোণতলী আৰাফা ৰয়েল একাডেমীৰ দুই ছাত্ৰ আনছাৰুল হক আৰু মিৰাজুল হকে বাইকেৰে টুপামাৰীৰ পৰা সোণতলী দিশে গৈ থকা অৱস্থাত নতুন বদলাত নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰী মহিলাগৰাকীক খুন্দা মাৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

এই দুৰ্ঘটনাটোত পথচাৰী মহিলা ৰেনুকা খাতুনৰ লগতে ছাত্ৰ আনছাৰুল হক আৰু মিৰাজুল হকো আহত হয়। আহতসকলক প্ৰথমে টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে আনছাৰুল হক আৰু ৰেনুকা খাতুনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...