বাঁহ কঢ়িওৱা ট্ৰাকত নিছিল ৪০ লাখ টকাৰ চেগুন কাঠ, জালত দুজন

বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠসহ ট্ৰাক জব্দ। পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰ হৈ বহিঃৰাজ্যলৈ সৰবৰাহ হৈছে মূল্যবান চোৰাং চেগুন কাঠ। শিমলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত অসম আৰক্ষী আৰু CRPFৰ অভিযানত গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত এখন ট্ৰাক জব্দ। ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ পৰা কলিকতালৈ গৈ থকা ১৪ চকীয়া ট্ৰাকখন আটক কৰি তালাচী কৰাৰ পিছত ৰহস্য ভেদ হয়।

বাঁহ কঢ়িওৱা BR 06GC – 5890 নম্বৰৰ ট্ৰাকৰ ভিতৰত চোৰাংকৈ অনা বৃহৎ পৰিমাণৰ চেগুন কাঠ কঢ়িয়াই নিছিল। ট্ৰাকত অনা বাঁহৰ ভিতৰত আছিল ৪০ লাখ টকাৰ চেগুন কাঠৰ বাটাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...