নৱম শ্ৰেণীৰ ছাত্ৰই মেট্ৰিক পৰীক্ষা দিবলৈ গৈ জালত ছাত্ৰ

নৱম শ্ৰেণীৰ ছাত্ৰই মেট্ৰিক পৰীক্ষা দিবলৈ গৈ জালত ছাত্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী ৷ নবম শ্ৰেণীৰ ছাত্ৰই মেট্ৰিক পৰীক্ষা দিবলৈ আহি নিৰক্ষীকৰ হাতত ধৰা পৰিল ৷ কাছাৰ জিলাৰ কালাইনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটক এক ভুৱা পৰীক্ষাৰ্থী ৷ কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা হাইস্কুল শিক্ষান্তৰ পৰীক্ষা কেন্দ্ৰত এগৰাকী ভুৱা পৰীক্ষাৰ্থী আটক হয় ৷ আটক হোৱা ভুৱা পৰীক্ষাৰ্থী গৰাকী কালাইন আদৰ্শ বিদ্যাপীঠৰ নবম শ্ৰেণীৰ ছাত্ৰ দিলোৱাৰ হুছেইন তালুকদাৰ ৷ দিগৰখাল হাইস্কুলৰ চামিদ হুছেইন বৰভূঞাৰ হৈ পৰীক্ষাত বহিছিল আটক হোৱা ভুৱা পৰীক্ষাৰ্থীজনে। পৰীক্ষা চলি থকাৰ সময়তে নিৰীক্ষকে পৰীক্ষাৰ্থীগৰাকীক ভুৱা বুলি চিনাক্ত কৰে ৷ পাছত নিৰক্ষীকে ভুৱা পৰিক্ষাৰ্থীগৰাকীক কাটিগড়া আৰক্ষীৰ হাতত গতাই দিয়ে ৷ চামিদ হুছেইন বৰভূঞা নামৰ যুৱকজন কেইদিনমান পূৰ্বে ভুৱা আৰক্ষী বিষয়া সাজি ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৷ আজি সেই চামিদৰ হৈ পৰীক্ষাত অৱতীৰ্ণ হৈ আটক নৱম শ্ৰেণীৰ ছাত্ৰজন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...