ড্ৰেগন আৰু হাতী একেলগ হোৱাটো গুৰুত্বপূৰ্ণ : চীনৰ ৰাষ্ট্ৰপতি জিনপিং

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ মাজত প্ৰায় সাত বছৰৰ পিছত সাক্ষাৎ হৈছে। দুই নেতাৰ মাজত প্ৰায় এঘণ্টা ধৰি দ্বি-পাক্ষিক আলোচনা হৈছে। আমেৰিকাৰ টেৰিফৰ মাজত এই সাক্ষাৎকাৰৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে। বিশেষকৈ এই সাক্ষাৎকাৰে কেইবাটাও কাৰণত ড’নাল্ড ট্ৰাম্পৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কাৰণ জিনপিঙে কৈছে যে, ড্ৰেগন আৰু হাতী একেলগ হ’ব লাগে।

বৈঠকত জিনপিঙে কি ক’লে?

বৈঠকত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কৈছে, “প্ৰধানমন্ত্ৰী মোদী, আপোনাৰ সৈতে সাক্ষাৎ কৰি অত্যন্ত আনন্দিত হৈছো। মই SCO বৈঠকৰ বাবে চীনলৈ আপোনাক স্বাগতম জনাইছো। বিগত বছৰ কাজানত আমাৰ সফল বৈঠক হৈছিল।”

জিনপিঙে কয়, “বিশ্ব পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে। চীন আৰু ভাৰত দুই অতি প্ৰাচীন সভ্যতা। আমি বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দুখন দেশ আৰু গ্ল’বেল ছাউথৰ অংশ। সেয়েহে আমি মাজত বন্ধু, ভাল প্ৰতিবেশী হোৱাৰ লগতে ড্ৰেগন আৰু হাতী একেলগে আগবাঢ়িব লাগে।”

তেওঁ আৰু কয় যে, দুয়োখন দেশে নিজৰ সম্পৰ্কক কৌশলগত আৰু দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা পৰিচালনা কৰিব লাগে। লগতে এছিয়া তথা সমগ্ৰ বিশ্বত শান্তি আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰিব লাগে।

শান্তি, স্থিৰতা আৰু সম্পৰ্কৰ ওপৰত গুৰুত্ব

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সীমান্তত শান্তি আৰু স্থিৰতা, পাৰস্পৰিক সহযোগিতা আৰু সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, কাজানত হোৱা পূৰ্বৰ আলোচনাই সম্পৰ্কক ইতিবাচক দিশ দিছে। বৈঠকত সীমান্ত ব্যৱস্থাপনাৰ ওপৰত সহমত আৰু কৈলাশ মানস সৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ হোৱাৰ কথাও উল্লেখ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...