Cerebral aneurysm ৰোগত আক্ৰান্ত চীনৰ ৰাষ্ট্ৰপতি, কি এই ৰোগ, ইয়াৰ লক্ষণ কি কি? আপোনাৰো হব পাৰে নেকি এই বেমাৰ?

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং বৰ্তমান অসুস্থ। জানিব পৰা অনুসৰি ছি জিংপিংয়ে মাৰাত্মক “চেৰিব্ৰেল এনিউৰিজমত” ৰোগত ভুগি আছে। তেখেতে বিগত ২০২১ বৰ্ষতে এই ৰোগত আক্ৰান্ত গৈ চিকিৎসালয়ত ভৰ্তি হ’ব লগা হৈছিল। জানিব পৰা গৈছে যে তেওঁ অস্ত্ৰোপচাৰৰ বাবে যোৱাৰ সলনি পৰম্পৰাগত চীনা ঔষধৰ দ্বাৰা চিকিৎসা কৰাটো পছন্দ কৰিছিল, যি ৰক্তনলীবোৰ কোমল কৰে আৰু এনিউৰিজম সংকুচিত কৰে।চীনৰ সংবাদ মাধ্যমে এই সন্দৰ্ভত বাতৰি সমপ্ৰচাৰ কৰা অনুসৰি কোভিড-19 ৰ সংক্ৰমণ সিথিল হোৱা পিছতে চীনত অনুস্থিত হোৱা বেইজিং শীতকালীন অধিবেশত বিদেশী নেতা সকলৰ পৰা নিজকে আঁতৰাই ৰাখিছিল।জিনপিঙৰ সাম্ভাব্য স্বাস্থ্য প্ৰতি সচেতনতা তেতিয়া আহিছে যেতিয়া তেওঁ বৰ্তমান চীনা ৰাষ্ট্ৰপতি হিচাপে তৃতীয় বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছে। যোৱা দহ বছৰত, তেওঁ চীনক তেওঁৰ শাসনৰ অধীনত অধিক সমৃদ্ধ, প্ৰভাৱশালী কৰাৰ চেষ্টা কৰিছে।বৰ্তমান সময়ত চীনৰ কিছুমান মুখ্য চহৰ বেইজিং আৰু ছাংহাই দেশত কোভিড-19 দ্ৰুতগতিত বাঢ়িছে যাৰ বাবে এমাহধৰি সেই ঠাই সমূহক লকডাউনৰ অধীনত ৰখা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...