চীনত ক্ৰমান্বয়ে হ্ৰাস পাইছে জনসংখ্যা; বৃদ্ধি পাইছে বৃদ্ধৰ সংখ্যা

চীন ক্ৰমাৎ বৃদ্ধৰ দেশ হ’বলৈ আগবাঢ়িছে। ইয়াৰ কাৰণ হ’ল দেশখনৰ জনসংখ্যা একেৰাহে তৃতীয় বছৰলৈ হ্রাস পোৱাটো। চীন চৰকাৰে আজি প্ৰকাশ কৰা তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে। যোৱা বছৰৰ অন্তিম দিনটোত চীনৰ জনসংখ্যা ১৪০.৮ কোটি হয়গৈ। যোৱা বছৰৰ তুলনাত দেশখনৰ জনসংখ্যা ১৩.৯ লাখ হ্রাস পায়। ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ নেতৃত্বৰ চীনৰ চৰকাৰখনৰ বাবে জনসংখ্যা হ্রাস পোৱাটোৱে এক প্রত্যাহ্বানৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, চীন ইতিমধ্যে জনসংখ্যাৰ এটা বৃহৎ অংশৰ বয়স বৃদ্ধি পোৱা আৰু কাম কৰিব পৰা যুৱকৰ সংখ্যা হ্রাস পোৱাৰ দৰে সমস্যাৰ সম্মুখীন হৈছে। দেশখনৰ হ্রাস পোৱা শ্রম শক্তিয়ে অর্থনীতিতো প্রভাৱ পেলাইছে। দেশখনত জন্মৰ সংখ্যা হ্রাস পোৱাৰ ফলত জনসংখ্যাৰ গড় বয়স বৃদ্ধি পাইছে। চীনৰ জনসংখ্যা হ্রাসত মূল্যবৃদ্ধি আৰু নিবনুৱাৰ দৰে সমস্যাই প্রভাৱ পেলাইছে। এনে ধৰণৰ সমস্যাৰ বাবে যুৱক-যুৱতীসকলে বিয়া পতা আৰু সন্তান জন্ম দিয়াৰ প্ৰতি অনীহা প্রকাশ কৰিছে। ইয়াৰ লগতে দেশখনত দীর্ঘদিন বলবৎ হৈ থকা এটা সন্তানৰ নীতিও ইয়াৰ বাবে দায়ী। উল্লেখযোগ্য যে, চীনৰ উপৰি বিশ্বৰ বিশেষকৈ এছিয়াৰ দেশসমূহত এই সমস্যাই গভীৰ ৰূপ ধাৰণ কৰিবলৈ লৈছে। জাপান, হংকং, দক্ষিণ কোৰিয়াৰ দৰে দেশতো জন্মৰ হাৰ হ্রাস পাইছে। পূব ইউৰোপৰ দেশবোৰো একে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। চীনত বর্তমানৰ হাৰত জনসংখ্যা হ্রাস পাই থাকিলে ২০৩৫ চনত দেশখনৰ জনসংখ্যা ১৩৬ কোটিলৈ হ্রাস পাব। ২১০০ চনলৈ বৰ্তমানৰ আধা হৈ পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...