লণ্ডনৰ অসমীয়া সমাজৰ সৈতে উদ্যোগ মন্ত্রী বিমল বড়াৰ আলাপ

লণ্ডনত এডভান্টেজ অসম ২.০ৰ প্ৰচাৰৰ অংশ হিচাপে শনিবাৰে নিশা ব্ৰিটেইনৰ প্ৰযুক্তি, চিকিৎসা, বিত্ত, শিক্ষা আৰু ঔদ্যোগিক ক্ষেত্ৰখনত নিজস্ব দক্ষতাৰে উজলি উঠি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰৱাসী অসমীয়া সকলৰ সৈতে ৰাজ্যৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

এই বৈঠকৰ সময়ত অসমক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বিনিয়োগ গন্তব্যস্থান ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ সমূহৰ সন্দৰ্ভত মন্ত্ৰী বড়াই তেওঁলোকক অৱগত কৰে।

ৰাজ্য চৰকাৰে হাতত লোৱা বিনিয়োগ অনুকূল ঔদ্যোগিক নীতিৰ সন্দৰ্ভতো অসমীয়া সমাজৰ প্ৰতিনিধি দলটোৰ আগত বড়াই ব্যক্ত কৰে। দক্ষিণ পূব এছিয়াৰ দুৱাৰ মুখ হিচাপে অসমৰ গুৰুত্বপূৰ্ণ অৱস্থানৰ সন্দৰ্ভত প্ৰকাশ কৰি মন্ত্ৰী বড়াই অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দর্যক লৈ হ’ব পৰা ঔদ্যোগিক বিকাশৰ বিষয়েও অসমীয়া সমাজৰ প্ৰতিনিধি দলটোৰ সৈতে মত বিনিময় কৰি ব্ৰিটিছ বিনিয়োগকাৰী সকলক অসমত বিনিয়োগৰ দিশত আগ্রহী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই বৈঠকত মন্ত্ৰী বড়াৰ সৈতে অসম চৰকাৰৰ বিশেষ মুখ্য সচিব চৈয়বদ্দিন আব্বাছী,উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, পৰ্যটন বিভাগৰ সচিব পদ্মপানি বৰা আৰু মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কমল জ্যোতি ভূঞা উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...