২০২৬ চনৰ ভিতৰত অসমত সম্পূৰ্ণৰূপে বন্ধ হ’ব বাল্য বিবাহ : মুখ্যমন্ত্রী

নাৰীক স্বাভাৱিক বিকাশৰ অংশীদাৰ হ’বলৈ দিয়াটো সমাজৰ দায়িত্ব : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ‘ৰত্নম’ৰ উদ্যোগত আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ সহযোগত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি নিজ নিজ কর্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিভিন্ন ক্ষেত্ৰৰ পাঁচগৰাকী বিশিষ্ট মহিলাক মহীয়সী বঁটা-২০২৩ প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সাহিত্যিক হেমপ্রভা বড়া সোণোৱাল, হস্ততাঁত বস্ত্র শিল্পী হেমন্তী দলে চুংক্রাং, লোকশিল্পী বৈজয়ন্তী নাথ তালুকদাৰ, চাহ বাগিচাত ড্ৰাগছ-বাল্য বিবাহৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজ দিয়া সমাজসেৱী ভানু তাঁতী আৰু সমগ্ৰ জীৱন উৎসর্গিত মনোভাৱেৰে নাৰ্ছিং সেৱা আগবঢ়োৱা স্নেহলতা এন চাংমালৈ আনুষ্ঠানিকভাৱে এই বঁটা আগবঢ়ায়।

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে সমাজৰ বিকাশৰ ক্ষেত্ৰত মহিলাসকলক এক গুৰুত্বপূৰ্ণ অংশীদাৰৰূপে পৰিগণিত কৰাৰ দিশত সমাজে সদায় প্ৰেৰণা যোগাই যোৱা উচিত। নাৰীক স্বাভাৱিক বিকাশৰ অংশীদাৰ হ’বলৈ দিয়াটো সমাজৰ দায়িত্ব বুলিও তেওঁ মন্তব্য কৰে। ড° শৰ্মাই কয় যে বেদ, উপনিষদ যুগ, পৌৰাণিক যুগ আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত বহু বিদুষী মহিলাই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি জ্ঞানৰ সাধনাৰে সমাজ জীৱন আলোকিত কৰিছিল। গার্গী, অত্রেয়ী, মৈত্রেয়ী আদি মহীয়সী নাৰীয়ে বৈদিক যুগতে শিক্ষা আৰু বৌদ্ধিক উৎকৰ্ষতাৰে উজলি উঠিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজত নাৰীৰ মর্যাদাক বিশেষভাৱে তুলি ধৰি নাট্য-সাহিত্যৰ মাজেৰে নাৰীৰ মৰ্যাদাৰ এখন সুন্দৰ ছবি জনমানসলৈ লৈ আহিছিল। কুৰি শতিকাত জ্যোতিপ্ৰসাদ আগৰৱালাই ভাৰতীয় সভ্যতাৰ বিকাশত নাৰীৰ ভূমিকাক নাটকৰ মাজেৰে প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে মূলা গাভৰু, সতী জয়মতী, চিত্ৰলেখা, ৰাধিকাৰ দৰে বিদুষী নাৰীসকলে ৰাজ্যৰ ইতিহাসক গৌৰৱান্বিত কৰি গৈছে। তেনেদৰে ইন্দিৰা মিৰি, অমলপ্ৰভা দাস, স্বর্ণলতা বৰুৱা, নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ, মামণি ৰয়ছম গোস্বামীৰ দৰে অসংখ্য অসমীয়া মহিলাই আমাৰ সমাজত শক্তিশালী আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে লাভলীনা বৰগোহাঁই, হিমা দাস, নয়নমণি শ‍ইকীয়াই অসমৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কঢ়িয়াই অনা সন্মানে জাতিটোৰ গৌৰৱক বহুদূৰ আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। নাৰীসমাজৰ উত্তৰণ সমাজৰ সম্পদলৈ পৰিণত হয় বুলিও তেওঁ কয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সমাজব্যৱস্থাত এতিয়াও বৰ্তি থকা বাল্য বিবাহৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয় যে বৰ্তমান দুখন নাৰী সমাজৰ সৃষ্টি হৈছে, য’ত প্ৰথমখন নাৰী সমাজে অত্যন্ত দক্ষতাৰে আগুৱাই গৈছে। আনহাতে দ্বিতীয়খন সমাজত অন্তৰ্ভূক্ত নাৰীসকলে ১৮-১৯ বছৰ বয়সতে ৩-৪ টা সন্তানৰ মাতৃত্বক সাৱটি ল’বলগীয়া হৈছে। কন্যা সন্তানক কম বয়সতে বিবাহ প্ৰদানৰ দৰে ব্যৱস্থাৰ বিৰুদ্ধে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শক্তিশালী ব্যৱস্থা লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৬ চনৰ ভিতৰত অসমত বাল্য বিবাহ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সংকল্প লৈছে যাতে প্ৰতিগৰাকী কন্যা সন্তানে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ তেওঁলোকৰ মাজৰ অন্তনির্হিত সামৰ্থক প্ৰকাশ কৰিব পাৰে আৰু কোনো ধৰণৰ সামাজিক চাপ নোহোৱাকৈ আগবাঢ়ি যাব পাৰে।

বাল্য বিবাহৰ দৰে কুপ্ৰথাৰ বিৰোধিতা কৰি সমাজত সকলোকে সমান মর্যাদাৰে আগবাঢ়ি যোৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াবলৈও মুখ্যমন্ত্রীয়ে সভাত আহ্বান জনায়। যি সমাজে কন্যা সন্তানক মুকলি জীৱন যাপন কৰাত সহায় কৰে, স্বাভাৱিক শ্রীবৃদ্ধিত সহায়ৰ হাত আগবঢ়ায়, সেই সমাজে উৎকৰ্ষতা লাভ কৰে বুলিও মন্তব্য কৰি ড° শৰ্মাই কয় যে নাৰীশক্তিৰ উত্থানৰ দিশত ৰাজ্য চৰকাৰে আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিছে। চৰকাৰী চাকৰিত মহিলাৰ বাবে সুকীয়া সংৰক্ষণ, অৰুণোদয়ৰ দৰে উৎকৃষ্টতম আঁচনি প্ৰৱৰ্তন, মহিলাসকলে উৎপাদন কৰা সামগ্ৰীসমূহ চৰকাৰৰ দ্বাৰা ক্ৰয় কৰাৰ নতুন নতুন সিদ্ধান্ত আৰু আত্মসহায়ক গোটৰ মাজেৰে বিত্তীয় অন্তর্ভুক্তিকৰণ আদি পদক্ষেপে নাৰীশক্তিৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্রৌপদী মূমূৰ জীৱনগাথা সমাজৰ প্ৰতিগৰাকী মহিলাৰ বাবে এক প্ৰেৰণাৰ প্ৰতীক বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাৰীসমাজক আগুৱাই লৈ যোৱাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে আৰু অমৃতকালৰ নাৰীশক্তি ইতিমধ্যে আগুৱাই আহিছে। প্ৰসংগক্রমে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে বাল্যবিবাহ ৰোধ, ড্ৰাগছৰ বিৰুদ্ধে অভিযান আদিৰ দৰে ৰাজ্য চৰকাৰে লোৱা সাহসী পদক্ষেপসমূহে অসমৰ মাতৃসমাজক বহু ধৰণে কল্যাণ সাধন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক আশ্বস্ত কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আন্তর্জাতিক নাৰী দিৱস উপলক্ষে ‘ৰত্নম’এ প্রকাশ কৰা স্মাৰকগ্ৰন্থখনো উন্মোচন কৰাৰ লগতে বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে শিশু আৰু মহিলা সবলীকৰণৰ দিশত লোৱা প্ৰয়াসৰ শলাগ লয় ।

অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিধায়ক বলীন চেতিয়া, বিশিষ্ট অভিনেত্রী মলয়া গোস্বামী, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা, অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ড° হেমপ্ৰভা বৰঠাকুৰৰ উপৰি ‘ৰত্নম’ৰ সভানেত্ৰী পাৰবীন হুছেইন আৰু সম্পাদিকা ববিতা শর্মাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...