৩, ৪ আৰু ৫ মাৰ্চত বিতৰণ কৰা হ’ব মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান (নগৰীয়া)ৰ প্ৰ-পত্ৰ

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান (নগৰীয়া)ৰ ৰূপায়ণ সন্দৰ্ভত জিলা প্ৰশাসন আৰু পৌৰ নিকায়ৰ প্ৰতিনিধিৰে মন্ত্ৰী অশোক সিংহলৰ ভাৰ্চুৱেল বৈঠক

প্ৰতিখন পৌৰসভাত অহা ৩, ৪ আৰু ৫ মাৰ্চত বিতৰণ কৰা হ’ব মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান (নগৰীয়া)ৰ প্ৰ-পত্ৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী অশোক সিংহলে আজি ভিডিঅ কনফেৰিন্সঙৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমকে ধৰি ৰাজ্যৰ আটাইবোৰ পৌৰ নিকায়ৰ প্ৰতিনিধি তথা জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান (নগৰীয়া)ৰ ৰূপায়ণ সন্দৰ্ভত এক ভাৰ্চুৱেল বৈঠকত মিলিত হয়। মন্ত্রী সিংহলে এই অভিযানৰ নীতি-নির্দেশনা সম্পর্কে সংশ্লিষ্ট বিষয়ববীয়াসকলক অৱগত কৰোৱাৰ লগতে যাৱতীয় নির্দেশনা প্রদান কৰে। উল্লেখযোগ্য যে, এই অভিযানৰ অধীনত নগৰাঞ্চলৰ মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ যোগ্য সদস্যসকলক ঔদ্যোগিকৰণ পুঁজি হিচাপে প্রথম পর্যায়ত ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

তেওঁলোকে ৩ বছৰৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰা ব্যৱসায় আগবঢ়াই নিয়াৰ বাবে বিশেষ চৰ্ত সাপেক্ষে তিনিটা পর্যায়ত বিত্তীয় সাহায্য লাভ কৰিব৷ প্রথম বছৰত মহিলাগৰাকীয়ে ১০ হাজাৰ টকাকৈ লাভ কৰিব। আনহাতে, দ্বিতীয় আৰু তৃতীয় বছৰত ১২ হাজাৰ ৫০০ টকাকৈ প্ৰদান কৰা হ’ব। দ্বিতীয় বছৰৰ ধনৰাশি বেংকে প্ৰদান কৰিব আৰু হিতাধিকাৰীয়ে এই ধন ঘূৰাই দিব লাগিব। হিতাধিকাৰীসকলৰ মাজত অহা ৩, ৪ আৰু ৫ মাৰ্চত সংশ্লিষ্ট পৌৰ নিকায়সমূহে এই অভিযানৰ প্ৰ-পত্ৰ বিতৰণ কৰাৰ পাছত ৯, ১০ আৰু ১১ মাৰ্চত এই প্ৰ-পত্ৰ সংগ্ৰহ কৰিব। আজিৰ এই ভাৰ্চুৱেল বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু আয়ুক্তকে ধৰি ৰাজ্যৰ আটাইবোৰ পৌৰসভাৰ পৌৰপতি, কাৰ্যবাহী বিষয়াসকল, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়ববীয়াসকল, অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক পঞ্চমী চৌধুৰীৰ লগতে জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল তথা বহুকেইগৰাকী স্থানীয় বিধায়কে অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...