অসম আৰু উত্তৰ পূবত প্ৰৱেশ কৰা ঘূর্ণীবতাহৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে নির্দেশনা জাৰি: মুখ্যমন্ত্ৰী

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম আৰু উত্তৰ পূবত প্ৰৱেশ কৰা ঘূর্ণীবতাহ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতৰ্কবাণী অনুসৰি ৰাজ্যখনত সৃষ্টি হোৱা বৰষুণ আৰু ঘূর্ণীবতাহৰ ফলত যোৱা ২৭ মে’ৰ পৰা ঠায়ে ঠায়ে জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ পৰিছে। বর্তমান ওড়িশাত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ মুখ্য সচিবৰ লগত ফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতি সন্দৰ্ভত বুজ লৈ সাহায্য, পুনৰ সংস্থাপন আৰু সতর্কতামূলক ব্যৱস্থাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়ে। এই বতাহ, বৰষুণ আৰু ধুমুহাৰ ফলত ৰাজ্যখনৰ ঠায়ে ঠায়ে গছ বাগৰি পৰাৰ বাবে বিদ্যুৎতৰ খুঁটা আৰু ঘৰ ক্ষতিগ্রস্ত হোৱাৰ উপৰিও ঢেকিয়াজুলিত কেইজনমান বিদ্যালয়ৰ ছাত্র-ছাত্রী আহত হয় আৰু দুগৰাকী লোকে প্রাণ হেৰুৱাবলগীয়া হয়। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বাহিনী, অগ্নিনির্বাপক বাহিনী, বিদ্যুৎ বিভাগ, স্বাস্থ্য বিভাগ আৰু বন বিভাগৰ বিষয়াসকলক অধিক সতর্ক হৈ থকাৰ লগতে উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কামত নিয়োজিত কৰা হৈছে। কৰিমগঞ্জ জিলাৰ কিছু কিছু অংশত কৃত্রিম বানপানী হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসন অধিক সতর্ক হৈ পৰিছে। ধুবুৰী, দক্ষিণ শালমাৰা, বজালী, বৰপেটা আৰু নলবাৰী জিলাত অৰেঞ্জ এলার্ট জাৰি কৰাৰ বিপৰীতে চিৰাং, গোৱালপাৰা, বাক্সা, তামুলপুৰ, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বেড এলার্ট প্রযোজ্য হৈ আছে। ৰাজ্যৰ বাকী জিলাসমূহত ২৮ আৰু ২৯ মে’ৰ বাবে য়েল্ল এলার্ট জাৰি কৰা হৈছে। এই ধুমুহা আৰু বৰষুণৰ ফলত মৰিগাঁও জিলাত গছ বাগৰি কৌশিক আম্ফি আৰু গেৰুকামুখত এনএইছপিচি প্ৰকল্পৰ ভূমিস্খলনত পুতুল গগৈৰ থিতাতে হোৱা মৃত্যুত মুখ্যমন্ত্রীয়ে গভীৰ শোক প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে ক্ষতিগ্রস্ত পৰিয়ালসমূহক প্রয়োজনীয় সকলো সাহায্য আৰু আহতসকলক সময়মতে চিকিৎসা প্রদান নিশ্চিত কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নির্দেশ প্রদান কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী আজি সন্ধিয়া ৫.৩০ বজাত মুখ্য সচিবে আৰক্ষী সঞ্চালক প্রধানৰ উপস্থিতিত জিলা আয়ুক্ত আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সমগ্ৰ ৰাজ্যতে গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাৰ ওপৰত পর্যালোচনা কৰিব। এই বৈঠকতে ক্ষতিগ্রস্তসকলৰ সা-সম্পত্তিৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ লগতে তাৎক্ষণিক সাহায্য প্রদানৰ ব্যৱস্থা লোৱা হ’ব। আনহাতে মুখ্য সচিবে জিলা আয়ুক্তসকলক ফেৰীঘাটসমূহ পৰিদৰ্শন কৰি সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...