চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত মুখ্যমন্ত্ৰীক উষ্ম আদৰণী

ৰয়েল ভূটান চৰকাৰৰ আমন্ত্ৰণ মর্মে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত উপস্থিত হয়। উল্লেখ্য যে আজিৰে পৰা ১৯ ডিচেম্বৰলৈ চাৰিদিনীয়া এই ভ্রমণসূচীৰ সময়ত মুখ্যমন্ত্রী ড° শৰ্মাই ভূটানৰ ৰজাৰ লগতে ৰয়েল ভূটান চৰকাৰৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ উপৰি ৰয়েল ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদ্যাপন সমাৰোহত অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীৰ ড° শৰ্মাই সহধর্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে ভূটানৰ পাৰো বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত ৰয়েল ভূটান চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্রী লিয়নপো ডি এন ধুংগিয়েল, ভুটানস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত সুধাকৰ ডালেলা আৰু ৰয়েল ভূটান চৰকাৰৰ কেবিনেট সচিব কেছাং ডেকীয়ে উষ্ম আদৰণী জনায়। ইফালে মুখ্যমন্ত্ৰীৰ সন্মানার্থে ভূটানৰ যুৱক-যুৱতীসকলে পৰিৱেশন কৰা অসমৰ বিহুৰ লগতে দেশখনৰ পৰম্পৰাগত নৃত্যৰে এক নান্দনিক পৰিৱেশ গঢ়ি তোলে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই প্রথম ভুটান ভ্রমণে বিশেষ তাৎপর্য বহন কৰিছে। উল্লেখ্য যে অসমৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ঐতিহাসিক বন্ধুত্বপূর্ণ সম্পর্ক আছে। মুখ্যমন্ত্ৰীৰ এই ভ্রমণে ভূটান আৰু অসমৰ মাজৰ বন্ধুত্বপূর্ণ সম্পর্ক আৰু অধিক শক্তিশালী কৰি তুলিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...