গোৱালপাৰা জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি বিয়লি গোৱালপাৰা জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখনি বৈঠকত জিলাখনৰ বিভিন্ন বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কৃষি, স্বাস্থ্য, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ আদি প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ বৈঠকত তেওঁ জিলাখনত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোজনা, জল-জীৱন মিছন, স্বচ্ছ ভাৰত অভিযান, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আদি আঁচনিৰ অগ্ৰগতিৰো বিশদভাৱে বুজ লয়৷ বৈঠকত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ লগতে প্ৰতিটো বিভাগৰ জিলাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Popular

More like this
Related

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্তত পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা...

অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য জ্যাকী ভাগনানীৰ

বলীউডৰ অভিনেতা, প্ৰযোজক তথা সংগীত উদ্যোগী জ্যাকী ভাগনানীৰ অসমৰ...

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...