গোৱালপাৰা জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি বিয়লি গোৱালপাৰা জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখনি বৈঠকত জিলাখনৰ বিভিন্ন বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কৃষি, স্বাস্থ্য, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ আদি প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ বৈঠকত তেওঁ জিলাখনত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোজনা, জল-জীৱন মিছন, স্বচ্ছ ভাৰত অভিযান, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আদি আঁচনিৰ অগ্ৰগতিৰো বিশদভাৱে বুজ লয়৷ বৈঠকত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ লগতে প্ৰতিটো বিভাগৰ জিলাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী...