ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যৰ ৪৯টা নতুন বিধানসভা সমষ্টিত নতুন ৰেচন কার্ড বিতৰণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীয়ে

দুর্নীতি আৰু পক্ষপাতমূলক ব্যৱস্থাৰ পৰিৱৰ্তে অতি স্বচ্ছতাৰে ৰাইজক সেৱা কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সৰুসজাই ক্রীড়া প্রকল্প চৌহদত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যৰ ৪৯ টা নতুন বিধান সভা সমষ্টিত নতুন ৰেচন কার্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভণি কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ৩৬ নং গুৱাহাটী চেন্ট্রেল বিধান সভা সমষ্টিৰ ৪,৫৩৫ টা পৰিয়ালৰ ১৪,৩২৮ গৰাকী হিতাধিকাৰী আৰু ৩৭নং জালুকবাৰী বিধান সভা সমষ্টিৰ ৪,৭৫৯ টা পৰিয়ালৰ ১৬,৪১১ গৰাকী হিতাধিকাৰীলৈ আনুষ্ঠানিকভাৱে ৰেচন কার্ড প্রদান কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দৰিদ্ৰজনে নিয়মীয়াকৈ যাতে চাউল পাব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে। আজি ৰাজ্যৰ ৪৯ টা নতুন বিধানসভা সমষ্টিত ৰেচন কার্ড প্ৰদানৰ শুভাৰম্ভণি কৰা হৈছে। তেওঁ কয় যে অসমত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি ৰাজ্যৰ ২.৫১ কোটি হিতাধিকাৰীয়ে এই ৰেচন কাৰ্ডৰ জৰিয়তে অন্ন সুৰক্ষা যোজনাৰ দ্বাৰা সুৰক্ষিত হ’ব লাগে। তেওঁ লগতে কয় যে সেই অনুসৰি গাঁও অঞ্চলৰ ৮৫ শতাংশ আৰু চহৰ অঞ্চলৰ ৬০ শতাংশ জনসাধাৰণৰ মাজত ৰেচন কার্ড থাকিব লাগে। আধাৰৰ সৈতে ৰেচন কার্ড সংলগ্ন কৰাৰ পিছত ৰাজ্যখনত প্রায় ৬০ লাখ ৰেচন কার্ড অতিৰিক্ত হৈ পৰে আৰু ইয়াৰ জৰিয়তে চাউল লাভ কৰি আহিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমান যিবোৰ পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল লাভ কৰি আছে তেওঁলোকে মেচিনত নিজৰ আঙুলীৰ চাপ দি সামগ্রী ল’ব লাগে। তেওঁ লগতে কয় যে বান নেশান বান ৰেচন কার্ড যোৱা তিনিটা বছৰত প্ৰৱৰ্তন কৰা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে বর্তমান সময়ত ৰেচন কাৰ্ডখনৰ জৰিয়তে ভাৰতবৰ্ষ যিকোনো স্থানৰ পৰা সামগ্ৰী ল’ব পৰা যায়। মুখ্যমন্ত্ৰীয়ে কয় যে প্রতি মাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত এই ৰেচন কাৰ্ডৰ জৰিয়তে সামগ্রী ল’বপৰাকৈ ব্যৱস্থা লোৱা হৈছে। এতিয়া কোনো ভুৱা মানুহৰ হাতত ৰেচন কার্ড নাই বুলি উল্লেখ কৰি তেওঁ কয় যে যিসমূহ পৰিয়ালৰ তাত ৰেচন কার্ড নাছিল সেইসমূহ দৰিদ্ৰ পৰিয়ালে ৰেচন কার্ড লাভ কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...