শ্ৰীমন্ত শংকৰদেৱ সংঘ-অসম সাহিত্য সভাৰ বিষয়ববীয়া সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত অসমৰ দুই আগশাৰীৰ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশন আৰু অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ প্রস্তুতি সন্দর্ভত আলোচনা কৰা হয়।

বৈঠকত দুয়োখন অধিৱেশন যাতে সুকলমে আৰু নিয়াৰিকৈ সম্পন্ন হয় সেই সম্পর্কত মুখ্যমন্ত্রীয়ে বিষয়ববীয়াসকলৰ সৈতে বিভিন্ন বিষয় আলোচনা কৰে। বৈঠকত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে অধিৱেশন অনুষ্ঠিত কৰাৰ দিশত লোৱা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্রীক অৱগত কৰে আৰু এই ক্ষেত্রত প্রয়োজনীয় সহযোগিতা আগবঢ়াবলৈ তেওঁক আহ্বান জনায়। মুখ্যমন্ত্রীয়ে কয় যে দুয়োখন অধিবেশ যাতে সফলতাৰে অনুষ্ঠিত হয় তাৰ বাবে ৰাজ্য চৰকাৰে যথাসম্ভৱ সকলো ধৰণৰ সহযোগিতা আগবঢ়াব। বিষয়ববীয়াসকলে অধিৱেশনস্থলীত বিদ্যুতৰ সু-ব্যৱস্থা, বাট-পথৰ উন্নয়ন সাধন, বিশুদ্ধ খোৱাপানী যোগান আদি দিশত ৰাজ্য চৰকাৰৰ পৰা সহযোগিতা কামনা কৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রীয়ে বিষয়ববীয়াসকলক আশ্বাস প্রদান কৰে আৰু এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক এই সন্দর্ভত তেওঁ যাৱতীয় নির্দেশনা প্রদান কৰে।

আজিৰ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী তথা অসম সাহিত্য পাঠশালা অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্র জিৎ শর্মা, শ্রীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ড° নবীন চন্দ্ৰ বৰা, সম্পাদক ধীৰেন চন্দ্ৰ ডেকা প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...