ছবিগৃহত ছুপাৰ হিট পুষ্পা২, কাৰাগাৰত নায়ক

চিনেমাৰ দৰেই ঘটি গৈছে সকলো ঘটনা। ছবিগৃহত ছুপাৰ হিট পুষ্পা২। কাৰাগাৰত নায়ক। এক অবাঞ্চিত ঘটনাৰ বাবে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আল্লু অৰ্জুনক। নিম্ন আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলেও তেলেংগানা উচ্চ ন্যায়ালয়ে জামিন দিলে ছুপাৰ ষ্টাৰজনক। এটা নিশা কাৰাগাৰত থকাৰ পিছত শনিবাৰে পুৱাই স্বগৃহত উপস্থিত হয় আল্লু অৰ্জুন।

আদালতলৈ যোৱাৰ পূৰ্বে পত্নীক চুম্বনেৰে আল্লুৱে বিদায় লৈছিল। কাৰাগাৰৰ পৰা ঘৰত উপস্থিত হোৱা আল্লুক আলিংগনেৰে আদৰিলে পত্নীয়ে। হায়দৰাবাদৰ চঞ্চলগুৰা জে’লৰ পৰা পিছ দুৱাৰেদি উলিয়াই অনা হ’ল আল্লু অৰ্জুনক। পিতৃ আল্লু অৰবিন্দ আৰু কাঞ্চৰ্লা চন্দ্ৰশেখৰ ৰেড্ডীয়ে ঘৰলৈ নিবৰ বাবে উপস্থিত হৈছল কাৰাগাৰত। পুৱা ৬ বাজি ৩৫ মিনিটত জে’লৰ দৰ্জা খোল খালে আল্লু অৰ্জুনৰ মুক্তিৰ বাবে। কিন্তু এটা নিশা কাৰাগাৰত কিদৰে কটালে আল্লু আৰ্জুনে? এই লৈ উৎসুকতাৰ অন্ত নাই। কাৰাগাৰত কোনোধৰণৰ বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি জনালে আল্লু অৰ্জুনে। কিন্তু আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জামিন দিয়াৰ পিছতো নিশাই কিয় আল্লু অৰ্জুনক মুক্তি দিয়া নহ’ল? তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ অভিযোগ। ৰাজধৰ্ম পালন কৰিছো বুলি আক্ৰোশৰ অভিযোগক নস্যাৎ কৰিলে মুখ্যমন্ত্ৰীজনে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভাণ্ট ৰেড্ডীয়ে মন্তব্য কৰিছে আইনী প্ৰক্ৰিয়াৰ বাবে এটা নিশা আল্লু অৰ্জুনে কাৰাগাৰত কটাবলগা হ’ল। শুকুৰবাৰে আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ বাবে জুবিলি হিলছৰ বাসগৃহলৈ গৈছিল আৰক্ষী। বেডৰুম পৰ্যন্ত পাইছিল আৰক্ষী। শুকুৰবাৰে নিম্ন আদালতত হাজিৰ কৰোৱাৰ পিছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ দিয়া হ’ল আল্লু অৰ্জুনক। পিছে তেলেংগানা উচ্চ ন্যায়ালয়ে ৪ সপ্তাহৰ অন্তৰ্ৱৰ্তী জামিন দিলে আল্লুক। ৫০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ আল্লু অৰ্জুনৰ। গোচৰৰ পৰা মুক্ত হ’বলৈ হ’লে নিম্ন আদালতত আবেদন কৰিব লাগিব আল্লু অৰ্জুনে।

৫ ডিচেম্বৰত আল্লু অৰ্জুন অভিনীত পুষ্পা–২ দ্য ৰুল ছবিখনে মুক্তি লাভ কৰে। ৪ ডিচেম্বৰত হায়দৰাবাদত অনুষ্ঠিত হোৱা প্ৰিমিয়াৰতে সংঘটিত হয় অবাঞ্চিত ঘটনা। এই প্ৰিমিয়াৰৰ বাবে আহিছিল আল্লু অৰ্জুনো। প্ৰচণ্ড ভিৰ হৈছিল পুষ্পা–২ৰ প্ৰিমিয়াৰ শ্ব’কলৈ। হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত পদপিষ্ঠৰ ঘটনা ঘটে। এগৰাকী মহিলা নিহত হোৱাৰ লগতে নাবালক সন্তান আহত হয়। আল্লু অৰ্জুনৰ আগমন আৰু নিৰাপত্তা ক্ৰুটিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগত নিহত মহিলাগৰাকীৰ স্বামীয়ে ৰুজু কৰে গোচৰ। এই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ হৈছিল আল্লু অৰ্জুন। ইফালে দেশজুৰি পুষ্পা–২য়ে অভিলেখৰ পিছত অভিলেখ গঢ়িছে। এটা সপ্তাহতে ১ হাজাৰ কোটিৰো অধিক ধন উপাৰ্জন কৰিছে পুষ্পা–২য়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...