জাপানৰ অ’ছাকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

জাপানৰ অ’ছাকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৮০ গৰাকী জাপানী উদ্যোগীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ। ২০৩০ৰ ভিতৰত অসমৰ GDP ১৪৩ বিলিয়ন আমেৰিকান ডলাৰলৈ নিয়াৰ লক্ষ্য। ভৱিষ্যতে অসমক ভাৰতৰ পৰৱৰ্তী অৰ্থনৈতিক কেন্দ্ৰ ৰূপে প্ৰতিষ্ঠাৰ পৰিকল্পনা। বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানসমূহৰ বাবে অসম হ’ব আন্তঃগাঁঠনি বিনিয়োগৰ বৃহৎ সুযোগ। ২০২৪ত ৪ বিলিয়ন আমেৰিকান ডলাৰৰ ব্যক্তিগত বিনিয়োগ লাভ কৰিছে অসমে। অ’ছাকাত এডভাণ্টেজ আছাম-2.Oৰ ৰোড শ্ব’ত অংশ লৈ দাবী মুখ্যমন্ত্ৰীৰ। অ’ছাকাৰ উদ্যোগীসকলক এডভাণ্টেজ আছাম-2.O সন্মিলনলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ। মাইক্ৰন মেম’ৰী ফেচিলিটীৰ উপাধ্যক্ষ জোছুয়া লীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। অসমক ছেমি কণ্ডাক্টৰ হাব হিচাপে গঢ়ি তোলত কোম্পানীটোৰ সহযোগিতা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। কানছাই পেইণ্টৰ CEO তথা ভাৰত ব্যৱসায়ৰ মুৰব্বী প্ৰবীন চৌধাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। আজি জাপানৰ কেইবাজনো চৰকাৰী প্ৰতিনিধিক সাক্ষাতৰ পিছতে গুৱাহাটীলৈ উভতিব মুখ্যমন্ত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...