প্ৰাসংগিক চিন্তা আৰু ভৱিষ্যদর্শনেৰে এখন নতুন অসম গঢ়িবলৈ যুৱ সমাজক মুখ্যমন্ত্ৰীৰ আহ্বান

প্রজ্ঞা ফাউণ্ডেশ্যনৰ যুৱ নেতৃত্ব সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

জ্ঞান আৰু প্ৰজ্ঞা আধাৰিত শক্তিৰে সমাহিত যুৱ শক্তিয়ে এখন দেশৰ ভৱিষ্যত সোণোৱালী কৰিব পাৰে: মুখ্যমন্ত্ৰী

বৰ্তমানৰ যুৱ প্ৰজন্মই এনে এক স্বর্ণিল সময়ত জন্ম গ্রহণ কৰিছে যিটো সময়ত ভাৰতবৰ্ষই নিজৰ অমৃত কালত সর্বাংগীন উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছেঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মহান দার্শনিক আৰু চিন্তাবিদ স্বামী বিবেকানন্দৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি প্রজ্ঞা ফাউণ্ডেশ্যনৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত যুব নেতৃত্ব সমাৰোহত অংশগ্ৰহণ কৰে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী শৰ্মাই স্বামী বিবেকানন্দ এগৰাকী বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি আছিল বুলি অভিহিত কৰি কয় যে ভাৰতীয় সভ্যতাই বহু প্রাতঃস্মৰণীয় চিন্তাবিদ আৰু মহান দার্শনিকৰ জন্ম দিছে যিসকল একবিংশ শতিকাতো প্রাসংগিক হৈ আছে। তেওঁ মন্তব্য কৰে যে স্বামী বিবেকানন্দৰ জীৱন, ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতি থকা অসাধাৰণৰ আত্মোৎসর্গাই আজিও যুৱ সমাজক উজ্জীৱিত কৰে। স্বামী বিবেকানন্দই অতীতৰ গৰ্ভতে ভৱিষ্যতৰ জন্ম হয় বুলি মন্তব্য কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যি জাতিয়ে অতীতক পাহৰি যায়, সেই জাতি কেতিয়াও আগুৱাই যাব নোৱাৰে। আজিৰ যুৱ প্ৰজন্মই জ্ঞান আৰু প্ৰজ্ঞাৰ পথেৰে আগুৱাই দেশক নেতৃত্ব দিব লাগিব বুলিও মন্তব্য কৰি শৰ্মাই কয় যে, জ্ঞান আৰু প্ৰজ্ঞা আধাৰিত শক্তিৰে সমাহিত যুৱ শক্তিয়ে এখন দেশৰ ভৱিষ্যত সোণোৱালী কৰিব পাৰে। ভাৰতীয় সভ্যতাই ন্যায় আৰু সততাক জীৱনৰ লগত সমাহিত কৰিছিল। সেয়ে ভাৰতবৰ্ষৰ সভ্যতা আৰু মূল্যবোধ পাঁচহাজাৰ বছৰৰ পিছতো প্ৰাসংগিক হৈ আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে যুৱপ্ৰজন্মক মৌলিক কৰ্তব্যসমূহৰ প্ৰতি সজাগ হ’বলৈও আহ্বান জনায়। তেওঁ কয় যে সৰু সৰু সংকল্পই জীৱনত সফলতাৰ মুখ দেখুওৱাব পাৰে আৰু যুৱকালত যি ব্যক্তিয়ে সপোন নেদেখে, সংকল্প গ্রহণ কৰিব নোৱাৰে আৰু সেই সংকল্প তথা সপোনৰ পম খেদিব নোৱাৰে তেনে ব্যক্তিৰ যৌৱনৰ মাদকতা বহুত কমি যায়। শর্মাই মন্তব্য কৰে যে কোনো ব্যক্তিয়েই জীৱনত উদ্দেশ্য নোহোৱাকৈ জন্ম গ্রহণ নকৰে। প্ৰতিগৰাকী ব্যক্তিয়েই একোটা স্বর্গীয় কর্তব্য লৈ এই পৃথিৱীলৈ আহে। ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে যুৱ সমাজক নিজৰ অন্তৰাত্মাৰ আহ্বান শুনিবলৈ পৰামৰ্শ আগবঢ়াই কয় যে ব্যক্তিয়ে যেতিয়া অন্তৰাত্মাৰ আহ্বান শুনা পায় তেতিয়া তেওঁ জীৱনৰ সংকল্প বিচাৰি পায়। জীৱনকালৰ কীৰ্তিয়ে ব্যক্তিক যুগ যুগলৈ জীয়াই ৰাখিব পাৰে বুলিও উল্লেখ কৰি তেওঁ কীৰ্তিৰ জৰিয়তে মৃত্যুক পৰাজয় কৰিব বিচৰা মানসিকতাৰ অধিকাৰী যুৱ সমাজৰ প্ৰয়োজন সমাজৰ আছে বুলিও মন্তব্য কৰে। তেওঁ কয় যে, যিসকলৰ মনত দৃঢ় সংকল্প থাকে, স্থিতপ্রজ্ঞ হয়, হৃদয়ত থাকে সাহস আৰু যিয়ে নিজৰ মাটি তথা দেশক ভাল পায় তেনে ব্যক্তিৰ জীৱনৰ পৰিধি মৃত্যুৱে ঠিৰাং কৰিব নোৱাৰে।

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে বৰ্তমানৰ যুৱ প্ৰজন্মই এনে এক স্বর্ণিল সময়ত জন্ম গ্রহণ কৰিছে যিটো সময়ত ভাৰতবৰ্ষই নিজৰ অমৃত কালত সর্বাংগীন উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছে আৰু বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিত পৰিণত হৈছে। নতুন প্ৰজন্মই অসমৰ মাটিত সুযোগ সৃষ্টি কৰিব লাগিব বুলিও মন্তব্য কৰি তেওঁ কয় যে ভৌগোলিকভাৱে অতি সুবিধাজনক স্থানত অসম অৱস্থিত আৰু নিজৰ সীমাহীন ক্ষমতাৰ দ্বাৰা যুৱপ্ৰজন্মই ৰাজ্যখনক দেশৰ বিকাশত উল্লেখনীয় অৰিহণা যোগোৱা এখন ৰাজ্যত পৰিণত কৰিব পাৰে। তেওঁ লগতে মন্তব্য কৰে যে নেতিবাচক চিন্তাৰ পৰিৱৰ্তে অসমক এখন ইতিবাচক চিন্তাৰ ৰাজ্য হিচাপে যুৱপ্ৰজন্মই গঢ় দিব লাগিব। তদুপৰি তেওঁলোকে নিজকে শেহতীয়া প্রযুক্তিসমূহৰ সৈতে পৰিচিত কৰাব লাগিব। প্ৰাসংগিক চিন্তা আৰু ভৱিষ্যদর্শনেৰে এখন নতুন অসম গঢ়িবলৈ যুৱ সমাজক আহ্বান জনাই ড° শর্মাই কয় যে সেই অসমখন হ’ব হতাশাৰ পৰিৱৰ্তে আশাক প্রতিনিধিত্ব কৰা, অন্ধবিশ্বাসৰ পৰিৱৰ্তে বিজ্ঞানক প্রতিনিধিত্ব কৰা। যুৱ প্ৰজন্মই সামূহিক শক্তিৰে অসমক নতুন দিগন্তলৈ নিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে লগতে আগন্তুক ১০ টা বছৰত অসমক দেশৰ ৰাজ্যসমূহৰ ভিতৰত অৰ্থনৈতিক দিশৰ পৰা প্ৰথম ১০খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ বাবে প্রয়াসৰত হ’বলৈও তেওঁলোকক আহ্বান জনায়।

অনুষ্ঠানত প্রজ্ঞা ফাউণ্ডেশ্যনৰ সভাপতি জিতুল সোণোৱাল, ফাউণ্ডেশ্যনৰ কেইবাগৰাকী ন্যাসৰক্ষী, বিভিন্ন জিলাৰ প্ৰহাৰীসকলৰ উপৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ পূবৰ সহ-ক্ষেত্ৰপ্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বৰষা-ভাস্কৰৰ ঘৰলৈ আহিল লখিমী

নৱবৰ্ষৰ প্ৰাকক্ষণত অভিনেত্ৰী বৰষাৰণী বিষয়াই দিলে ভাল খবৰ বৰষা-ভাস্কৰৰ ঘৰলৈ...

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ। দেওবাৰে নিশা...

প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০...

টংলাৰ ২ দেৱশিশুৰ হত্যা ৰহস্য ফাদিল

অকল্পনীয়, অবাস্তৱ, লোমহৰ্ষক। মাত্ৰ ১০ মিনিটতে ২ ভাতৃক হত্যা।...