ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত ৩১ মাওবাদী

ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰ অভিযানত ৩১ মাওবাদী নিহত। দুয়োপক্ষৰ গুলীয়াগুলীত দুই নিৰাপত্তাৰক্ষী নিহত। অভিযানত অংশ লয় CRPF, ছত্তীশগড় আৰক্ষী, কোব্ৰা বাহিনীয়ে। শনিবাৰে নিশাৰে পৰা দুয়োপক্ষৰ মাজত আৰম্ভ হয় আক্ৰমণ–প্ৰত্যাক্ৰমণ। এসপ্তাহ পূৰ্বে এই বিজাপুৰতে নিহত হৈছিল ৮ মাওবাদী। মাওবাদীক সম্পূৰ্ণৰূপে উৎখাট কৰাৰ বাবে চলি আছে অভিযান। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তৎপৰ হৈছে মাওবাদীক নিৰ্মূলৰ বাবে। ২০২৬ৰ ৩১ মাৰ্চত মাওবাদীক সম্পূৰ্ণৰূপে উৎখাট কৰাৰ শেষ দিন নিৰ্ধাৰণ। আত্মসমৰ্পণ কৰা মাওবাদীক সংস্থাপনৰ দায়িত্ব ল’ব বুলি ঘোষণা কৰিছে চৰকাৰে। বিগত বৰ্ষত ২০৭ মাওবাদী নিহত হৈছে নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...