কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰ

ছটাকৈ কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে যুগান্তকাৰী শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰীয় চৰকাৰৰ। KPLTৰ তিনিটা গোট, KLNLF, PDCK আৰু UPLFৰ সৈতে আজি বিয়লি ৪ বজাত নতুন দিল্লীত চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই শান্তি চুক্তি স্বাক্ষৰ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মন্ত্ৰী অশোক সিংঘলো উপস্থিত আছিল। ছটা সংগঠনৰ নেতৃবৰ্গ, কেন্দ্ৰীয় গৃহ বিভাগৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ হৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ জৰিয়তে কাৰ্বি স্বায়ত্তশাসিত পৰিষদলৈ অধিক ক্ষমতা, ডেৰ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ, কাৰ্বি আংলঙৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ পথ মুকলি কৰে। ষষ্ঠ অনুসূচীৰ অধীনস্থ স্বায়ত্তশাসিত পৰিষদখনত উন্নয়নৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ পিছতে এই অনুষ্ঠানক ঐতিহাসিক আখ্যা দি অসমৰ জনজাতীয় লোকসকলৰ বাবে নিজৰ দায়বদ্ধতা দোহাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসমৰ বিজেপি সাংসদসকলো উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশিষ্ট অভিনেতা, নাট্যকৰ্মী কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

বিশিষ্ট অভিনেতা, নাট পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান। কিছুসময়...

কিমান ভয়াৱহ আছিল খানাপাৰাৰ সেই দুৰ্ঘটনা?

গাৰ নোম শিয়ৰি উঠা দুৰ্ঘটনা ঘটি গল গুৱাহাটীৰ খানাপাৰাত।...

কোনে দখল কৰিব হোৱাইট হাউছ?

কোনে দখল কৰিব হোৱাইট হাউছ? নিৰ্বাচনলৈ মাজত মাথো ৩টা...

ছাৰ ডন ব্রেডমেনকো চেৰ পেলালে মুম্বাইৰ এজন বেটছমেনে

ৰঞ্জি ট্রফীত অভিষেক, খেলিছে মাথোঁ ৯খন খেলতাত আছে ৮টা...