চলচ্চিত্র বিষয়ক গ্রন্থ ‘চেলুলয়ডৰ কবিতা’ উন্মোচন

পাঁচজন বিশিষ্ট সাংবাদিকে উন্মোচন কৰিলে সাংবাদিকৰ গ্ৰন্থ

প্রাত্যহিক ব্যস্ততাপূর্ণ জীৱন যাত্ৰাৰ মাজতো জীৱনৰ ৰং বিচাৰি কেতিয়াবা বৰ্ণময় জগতখনত বিচৰণ কৰিবলৈ প্ৰয়াস কৰে এজন সাংবাদিকে। সময় বলুকাত সাঁচ বহুৱাবলৈ থকা হেঁপাহ কেতিয়াবা পূর্ণ হয়, কেতিয়াবা অপূৰ্ণ হৈ ৰয়। বিগত দুটা দশক ধৰি কলমটোকে পেছা হিচাপে লোৱা সাংবাদিক, লেখক দেৱাশিস প্রতাপৰ চলচ্চিত্র বিষয়ক প্রথমখন গ্রন্থ ‘চেলুলয়ডৰ কবিতা’ আজি গুৱাহাটীৰ মাদাৰ টেৰেছা পথস্থিত বৰ্ণ প্রিন্টাই এণ্ড পাব্লিচাৰ্ছৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰাজ্যৰ পাঁচজন বিশিষ্ট সাংবাদিকে। দৈনিক অসম কাকতৰ মুখ্য উপসম্পাদক পুলিন কলিতা, অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক মণি মহন্ত, আমাৰ অসমৰ সহকাৰী সম্পাদক মন্টু শ‍ইকীয়া, জ্যেষ্ঠ চিত্র সাংবাদিক উৎপল মেনা, প্রবীণ সাংবাদিক দীপাংকৰ দেৱশর্মাই গ্রন্থখন উন্মোচন কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠানটো বস্তি প্রজ্বলন কৰি মুকলি কৰে বিশিষ্ট লেখক দেৱজিৎ ভূঞাই। ভালেকইজন গণ্য মান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে বৰ্ণ প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ প্ৰকাশক অবিনাশ শৰ্মাই। উল্লেখযোগ্য যে আগন্তুক অসম গ্রন্থমেলাত ‘চেলুলয়ডৰ কবিতা’ ৰেহাই মূল্যত উপলব্ধ হ’ব।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...