গুৰুগ্ৰামত অসমৰ দুজন লোকক হত্যাৰ গোচৰ CBIলৈ

গুৱাহাটী, ১৪ জুলাই, NKTV: নতুন দিল্লীৰ নিকটৱৰ্তী গুৰুগ্ৰামত অসমৰ দুগৰাকী ব্যক্তিক হত্যা কৰা গোচৰৰ CBI তদন্ত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৰুগ্ৰামৰ এখন হাস্পতালত বিগত মাহত ৰজি চাংমা নামৰ এগৰাকী অসমৰ মহিলাৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। ICUত থকা মহিলাগৰাকীক আইচক্ৰীম খুৱাই মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ তুলিছিল ভতিজাক ছেমুৱেল চাংমাই। এই সন্দৰ্ভত অনুসন্ধান কৰিবলৈ যোৱা ছেমুৱেলক হাস্পতালতে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ তুলিছিল। এই দুয়োটা ঘটনাক লে অসমৰ উপৰি মেঘালয় তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিষয়টো প্ৰধানমন্ত্ৰীৰো দৃষ্টিগোচৰ কৰিছিল। ইয়াৰ পিছতে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে CBI তদন্ত ঘোষণা কৰে। তদন্ত ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই তদন্তই দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দাসকলৰ আশংকা নিৰ্মূল কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...