ভাৰতত প্ৰথমজন অ’মিক্ৰন ৰোগীৰ মৃত্যু, অসমতো আক্ৰান্ত এজন

ভাৰতত প্ৰথমজন অ’মিক্ৰন আক্ৰান্তৰ মৃত্যু ঘটিছে। মহাৰাষ্ট্ৰত ৫২ বছৰীয়া এজন লোকৰ মৃত্যু ঘটিছে অ’মিক্ৰনত। লোকজন কিছুদিন পূৰ্বে নাইজেৰিয়াৰ পৰা আহিছিল। মৃত লোকজন মধুমেহ ৰোগীও আছিল। মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে লোকজন ক’ভিডত মৃত্যু হোৱা নাই বুলি প্ৰকাশ কৰিছিল যদিও পুনেৰ নেচনেল ইনষ্টিটিউট অব ভাইৰ’লজিলৈ প্ৰেৰণ কৰা নমুনাৰ ফলাফলত লোকজন অমিক্ৰনত আক্ৰান্তৰ তথ্য পোৱা যায়। ২৮ ডিচেম্বৰতে মৃত্যু হৈছিল লোকজনৰ।


মহাৰাষ্ট্ৰত বৃহস্পতিবাৰে ৫,৩৬৮গৰাকী নতুনকৈ কভিডত আক্ৰান্ত হৈছে। বৰ্তমান, ৰাজ্যখনত ১৮,২১৭জন সংক্ৰমিত ব্যক্তি চিকিৎসাধীন হৈ আছে। ইয়াৰ উপৰিও দেশত ১৯৮টা নতুন অমিক্ৰনৰ ঘটনা চিনাক্ত কৰা হৈছে। যোৱা ২৪ ঘণ্টাত পোৱা ১৯৮জন অমিক্ৰন সংক্ৰমিত ব্যক্তিৰ ভিতৰত কেৱল মুম্বাইতে ১৯০গৰাকী লোক আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত ৪৫০গৰাকীলৈ বৃদ্ধি পালে অমিক্ৰন পজিটিভ ৰোগীৰ সংখ্যা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...