Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য। সূত্ৰ অনুসৰি HR 26CE 7674 নম্বৰৰ বাহনখন লালকিল্লাৰ কাষৰে এক পাৰ্কি আস্থানত প্ৰায় ৩ ঘন্টা ৰৈ আছিল। পাৰ্কিং আস্থানটোত বিয়লি ৩.১৯ বজাত প্ৰৱেশ কৰিছিল বাহনখনে আৰু সন্ধিয়া ৬.৩০ বজাত ওলাই গৈছিল। CC কেমেৰা দেখা গৈছে বাহনখনে বদৰপুৰ সীমান্তৰে প্ৰৱেশ কৰাৰ দৃশ্য, সূত্ৰ অনুসৰি আৰক্ষীয়ে বাহনখনৰ যাত্ৰা সন্দৰ্ভত সোধা পোচা কৰিছিল।

প্ৰাপ্ত তথ্য অনুসৰি সন্দেহযুক্ত আত্মঘাটী বোমাৰুজনে গাড়ীখন পাৰ্ক কৰি থোৱা অৱস্থাত এক মুহূৰ্তৰ বাবেও গাড়ীখনৰ পৰা ওলাই অহা নাছিল। হয়তো গাড়ীখনৰ চালকজনে কাৰোবাৰ বাবে অপেক্ষা কৰি আছিল অথবা কোনো নিৰ্দেশৰ বাবে অপেক্ষা কৰি আছিল। সন্ধিয়া ৬.৫২ বজাত ভয়াবহ বিস্ফোৰণে কঁপাই গৈছিল লালকিল্লাৰ মেট্ৰ’ ষ্টেছন এলেকা। দাউদাউকৈ জ্বলি উঠে আন কেইবাখনো বাহন। ঘটনাস্থলীত সৃষ্টি হয় বীভৎস পৰিৱেশৰ। বিস্ফোৰণৰ পাছতে বহুদূৰলৈ ছিটিকি পৰে হাত ভৰি। জীৱন্তে জ্বলি ছাই হৈ যায় কেইবাখনো লোক।

প্ৰথমখন ফটোত গাড়ীখনে পাৰ্কিং আস্থানত প্ৰৱেশ কৰা দেখা গৈছে, সন্দেহজনক আত্মঘাটী বোমাৰুৱে বাহনখনৰ খিৰিকীত হাত থৈছে

দ্বিতীয়খন ফটোত গাড়ীচালকজনক স্পষ্টকৈ দেখা গৈছে, পিন্ধনত নীলা-ক’লা কঙৰ টি-ছাৰ্ট

তৃতীয়খন ফটোত ৰাজধানী দিল্লীৰ ব্যস্ত ৰাজপথত দেখা গৈছে i20 বাহনখন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...