২৮ শতাংশলৈ বৃদ্ধি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তমৰ্মে বৃদ্ধি কৰা হ’ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ। সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি, অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ বৰ্তমানৰ ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধি কৰি ২৮ শতাংশ কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনাইছে। অৱশ্যে, এই বৃদ্ধি ২০২১ চনৰ জুলাই মাহৰ পৰাহে কাৰ্যকৰী হ’ব।

আজি অনুষ্ঠিত কেবিনেট বৈঠকত আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত ৰাজ্য চৰকাৰৰ ১ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্যৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ অধীনৰ চিকিৎসক, নাৰ্চ, পেৰামেডিকেল কৰ্মচাৰী আদি বিভিন্ন কাৰিকৰী পদকে ধৰি মুঠ ৮,৮৫৫ টা পদত নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই নিযুক্তি প্ৰক্ৰিয়া অহা ছেপ্টেম্বৰ মাহত আৰম্ভ হ’ব৷

ক’ভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল, তেওঁলোকৰ সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

নিবনুৱা সমস্যা সমাধানৰ দিশত এক পদক্ষেপ হিচাপে পৰিবহন আৰু দক্ষতা উন্নয়ন বিভাগৰ যৌথ উদ্যোগত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ৫০ গৰাকীকৈ যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷ ৰাজ্যখনৰ সৰ্বমুঠ ৬৬০০ গৰাকী যুৱক-যুৱতীক এই ৪৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত চৰকাৰে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব৷ তদুপৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে বাণিজ্যিক যাত্ৰীবাহী বাহন ক্ৰয় কৰিব বিচাৰিলে চৰকাৰে ১ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব৷

ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ এক উপজাতি হিচাপে তালিকাত থকা ‘লালুং’ শব্দটোৰ স্থানত ‘তিৱা’ শব্দটো ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ জনাব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...