বক্সিং চেম্পিয়ন যমুনা বড়ো, আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শক হিচাপে নিযুক্তি

▶️ বুধবাৰে অনুষ্ঠিত কেবিনেটে আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শক হিচাপে নিযুক্তিত অনুমোদন জনায়। অহা ৩ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচীত ক্ৰীড়াবিদ দুগৰাকীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব৷

▶️ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ডাঃ সম্ভুধ্ব ধৰ [Dr. Sambuddha Dhar]ক নিউৰ’চাৰ্জন হিচাপে নিযুক্তি প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

▶️অৰুণোদয় আঁচনিৰ পুঁজিৰ বাবে এতিয়াৰে পৰা বিত্ত বিভাগলৈ এফ অ’ চি প্ৰেৰণ কৰিব নালাগে৷ বিভাগে প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ আঁচনিৰ ধনৰাশি প্ৰত্যক্ষভাৱে প্ৰেৰণ কৰিব পাৰিব।

▶️ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান জনাই কেবিনেট বৈঠকে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

▶️ ক’ভিড-১৯ৰ যাৱতীয় খৰচৰ বাবদ দিবলগীয়া ৬৬০ কোটি টকা ৰাজ্যৰ উপায়ুক্তসকললৈ মুকলি কৰি দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায়।

▶️ ক’ভিড-১৯ত মৃত্যুবৰণ কৰা ৰাজ্যখনৰ প্ৰায় ৬৫০০ ব্যক্তিৰ নিকটাত্মীয়লৈ ‘প্ৰাৰ্থনা’ আঁচনিৰ জৰিয়তে এককালীনভাৱে ১ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে কেবিনেটে অনুমোদন জনায়। অহা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনাখন প্ৰতি জিলাৰ অভিভাৱক মন্ত্ৰীসকলে সংশ্লিষ্ট জিলাসমূহত এই ধনৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...