এই সপ্তাহতে বলৱৎ হ’ব সংশোধিত নাগৰিকত্ব আইন

বহু বিতৰ্ক আৰু প্ৰতিবাদৰ পিছতো সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰাৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। এই সপ্তাহৰ পৰাই দেশজুৰি আনুষ্ঠানিকভাৱে বলৱৎ হ’ব CAA। গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশৰ পিছতে CAA বলৱতৰ বাবে সাজু হৈছে অসম চৰকাৰো। বিতৰ্কিত আইনখন কাৰ্যকৰী হোৱা সময়ত ৰাজ্যত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈও অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিখন জিলালৈ প্ৰেৰণ কৰা হৈছে পত্ৰ। বিপৰীতে ‘কা’ বলৱতৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ বিৰোধীৰ।

CAA আহি আছে…
প্ৰতিশ্ৰুতিমতেই কাম কেন্দ্ৰীয় চৰকাৰৰ
নিৰ্বাচনৰ পূৰ্বে আহি আছে CAA

বহু বিতৰ্ক আৰু প্ৰতিবাদৰ পিছতো সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰাৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। এই সপ্তাহৰ পৰাই দেশজুৰি আনুষ্ঠানিকভাৱে বলৱৎ হ’ব CAA। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশৰ পিছতে CAA বলৱতৰ বাবে সাজু হৈছে অসম চৰকাৰো। বিতৰ্কিত আইনখন কাৰ্যকৰী হোৱা সময়ত ৰাজ্যত যিকোনো পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা ৰাজ্য চৰকাৰৰ। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিখন জিলাৰ SPলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ। থানাসমূহত মজুত কৰি ৰাখিব দিয়া হৈছে কন্দুৱা গেছ, লাঠী, বেৰিকেড, হেলমেট, পানী ইত্যাদি। ‘কা’ বলৱতৰ সময়ত হ’ব পৰা আন্দোলনৰ আশংকাতে জিলাই জিলাই আৰক্ষীক সষ্টম হৈ থকাৰ নিৰ্দেশ DGP কাৰ্যালয়ৰ।

এনে সময়তে অসম বিধানসভাৰ বাজেট অধিবেশনৰ অন্তিম দিনা সদনৰ বাহিৰত ‘কা’ বলৱতৰ বিৰোধিতা একাধিক বিৰোধী বিধায়কৰ। সংশোধিত নাগৰিকত্ব আইন বলৱতৰ বিৰুদ্ধে সকলোকে ৰাজপথলৈ ওলাই অহাৰ আহ্বান বিৰোধীৰ। ‘কা’ৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ বিৰোধীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...