অতি শীঘ্ৰে প্ৰযোজ্য হ’ব CAA

বিতৰ্কৰ মাজতে CAA কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰৰ তৎপৰতা
বাজেট অধিবেশনতে CAAৰ ধাৰা উত্থাপনৰ পৰিকল্পনা!
সংসদীয় অনুমোদন পালেই ‘গেজেট নটিফিকেশ্যন’

নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ CAAৰ নাম আহিলেই জ্বলি উঠে ৰাজ্য। কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে পশ্চিম বংগৰ এখন জন সভাত কৰা মন্তব্যই অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীজনে ঘোষণা কৰিছিল ৭ দিনৰ ভিতৰত দেশত কাৰ্যকৰী হ’ব CAA ।

কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেও CAA বলৱত কৰাৰ বাবেহে কেন্দ্ৰ তৎপৰ হোৱা বুলি চৰ্চা হৈছে। ১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ল লগা কেন্দ্ৰৰ বাজেট অভিবেশনতে CAAৰ ধাৰা উত্থাপনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে CAAক এপাত ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে। অসমত কা বিৰুদ্ধিতা হ’লেও পশ্চিমবংগত আইনখনে বিজেপিক লাভান্বিত কৰিব বুলি বিজেপিয়ে পূৰ্বৰ পৰাই বিশ্বাস কৰি আহিছে।

২০১৯ চনৰ ডিচেম্বৰতে সংসদত গৃহীত হৈছে CAA
বাকী ৰ’ল ধাৰা সমূহত সংসদৰ অনুমোদন

এইবাৰ অমিত শ্বাহৰ গৃহ বিভাগ সাজু হৈছে ধাৰাসমূহত অনুমোদন ল’বৰ বাবে। এই অনুমোদন লাভ কৰিলেই জাৰি হ’ব পাৰে ‘গেজেট নটিফিকেশ্যন’। এনে হ’লে CAAৰ অধীনত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলী হৈ ভাৰতত প্ৰৱেশ কৰা তিনি দেশৰ ধৰ্মীয় সংখ্যালঘূ হিন্দু, বৌদ্ধ, জৈন, শিখ, পাৰ্ছি আৰু খ্রীষ্টানসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ পথ প্ৰশস্ত হ’ব। কিন্তু CAA কাৰ্যকৰী হ’লে এক অবাঞ্চিত পৰিস্থিতি ৰাজ্যখনত সৃষ্টি হোৱাৰ আশংকা আছে। ‘কা’ক লৈ ইতিমধ্যেই ৰাজ্যবাসীয়ে এক ভয়াবহ অভিজ্ঞতা লাভ কৰি থৈছে। CAA বিষয়টো অৱশ্যে ন্যায়ালয়ৰ বিচাৰাধীনো হৈ আছে। বিভিন্ন দল–সংগঠনে কাষ চাপিছিল আদালতৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...