সন্ধিয়াতে ৰাজপথত ব্যৱসায়ীক শূন্য দূৰত্বৰ পৰা গুলীয়াই উধাও দুৰ্বৃত্ত

সময় দেওবাৰে সন্ধিয়া ৭ বাজিছিল। ব্যৱসায়িক কামকাজ সমাপন কৰি ধুপধৰাৰ পৰা পুত্ৰৰ সৈতে গোৱালপাৰালৈ গৈ আছিল অশোক গোৱেল। আগিয়া-গোৱালপাৰা পথৰ শলমাৰী পাওঁতেই তেওঁলোকৰ গাড়ীখন আগচি ধৰিছিল এখন এল্ট’ গাড়ীয়ে। বলপূৰ্বক অশোক গোৱেলৰ গাড়ীত উঠি লৈছিল ৩ দুৰ্বৃত্তই। প্ৰথমে গাড়ীৰ ভিতৰতে ব্যৱসায়ী গোৱেল আৰু পুত্ৰক মাৰপিট কৰি কাঢ়ি লৈছিল ধনৰ বেগ। তাৰ পিছত গাড়ীৰ পৰা নমাই শূন্য দূৰত্বৰ পৰা অশোক গোৱেলক মূৰত গুলীয়াই উধাও হৈছিল ডকাইতৰ দল। আকস্মিক ঘটনাত কিংকৰ্তব্যবিমূৰ হৈ পৰা পুত্ৰ আৰু গাড়ীচালকে ততাতৈয়াকৈ ব্যৱসায়ীজনক লৈ যায় চিকিৎ‍সালয়লৈ। কিন্তু চিকিৎ‍সালয় গৈ পোৱাৰ পূৰ্বেই মৃত্যুক আকোঁৱালি লয় ব্যৱসায়ীজনে। আক্ৰমণত গুৰুতৰভাৱে আহত অশোক গোৱেলৰ পুত্ৰ সম্প্ৰতি চিকৎ‍সাধীন।

কোৰিয়াৰ চাৰ্ভিচৰ ব্যৱসায় আছিল অশোক গোৱেলৰ। তিৰুপতি ৰোডৱেজৰ স্বত্বাধিকাৰী আছিল গোৱেল। বন্ধুমহলৰ লগতে তেওঁ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ মতে অতি অমায়িক স্বভাৱৰ আছিল ব্যৱসায়ীজন। কাৰোৰে সৈতে নাছিল শত্ৰুতা।

তেন্তে কোনে কিয় হত্যা কৰিলে ব্যৱসায়ী অশোক গোৱেলক? অভিযোগ অনুসৰি পূৰ্বেও ডকাইতিৰ বলি হৈছিল ব্যৱসায়ীজন। কাষ চাপিছিল আৰক্ষীৰ। কিন্তু আৰক্ষী প্ৰশাসনে সেই ঘটনাত গুৰুত্ব নিদিয়াৰ পৰিণতিতে ব্যৱসায়ীজনে অকাল মৃত্যুক সাৱতি ল’বলগীয়া হ’ল বুলি অভিযোগ স্থানীয় ৰাইজৰ।

ইফালে ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলীৰ পৰা এটা 7.65mm পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কিন্তু এই পৰ্যন্ত হত্যাকাৰীৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ আই জি পি প্ৰশান্ত কুমাৰ ভূঞা গোৱালপাৰাত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ শীঘ্ৰেই অপৰাধী কৰায়ত্ব হ’ব বুলি কৰে মন্তব্য।

উল্লেখযোগ্য যে ক্ষুদ্ৰ ব্যৱসায়ী অশোক গোৱেলৰ পত্নী জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎ‍সাধীন হৈ আছিল দিল্লীত। ঘৰত থাকে কণমানি কন্যা। নিজৰ অসুস্থতাৰ বাবে ব্যৱসায়িক কামত লগত লৈ গৈছিল পুত্ৰক। কিন্তু মাত্ৰ ৫–৬ কিলোমিটাৰ দূৰত্বত অগিয়া আৰু গোৱালপাৰা সদৰ থানা থকা স্বত্বেও এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাক লৈ এতিয়া আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৰাইজ।

এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতে দুৰ্ভগীয়া পৰিয়ালটোক সমবেদনা জনাবলৈ উপস্থিত হোৱা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনো সৰব হ’ল গৃহ বিভাগৰ ব্যৰ্থতাক লৈ। ৰাইজৰ সুৰক্ষা দিয়াকো চৰকাৰৰ প্ৰাথমিক দায়িত্ব আৰু সেই দায়িত্ব পালনত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ সাসংদজনৰ।

এনেদৰেই এতিয়া আশোক গোৱেলৰ হত্যাকাণ্ডৰ পিছত ৰাজ্যত আই শৃংখলাৰ অৱনতিক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। এইখন অসমত সন্ধিয়াতে এতিয়া সাধাৰণ ৰাইজ ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। সৰ্বত্ৰ উঠিছে অশোক গোৱেলৰ হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী। এই ক্ষেত্ৰত চৰকাৰ তথা আৰক্ষী প্ৰশাসনে কি ভূমিকা লয় তাৰ ওপৰতে দৃষ্টি নিবদ্ধ ৰাজ্যবাসীৰ।

Popular

More like this
Related

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল। ৰাজপথত উদণ্ড যুৱকৰ ভয়ংকৰ কাণ্ড।...

সপ্তাহত এদিন সম্পূৰ্ণ সিজোৱা খাদ্য খাওক, তেল-মছলাৰ ব্যৱহাৰ কমাওক : স্বাস্থ্যমন্ত্ৰী

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা...

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ সাতগাঁৱৰ কোচপাৰাত...

১ কোটি টকা ৰান্ধনীৰ বাবে, ব্যক্তিগত সচিবৰ বাবে ১০ লাখ টকা | ৰতন টাটাৰ ইচ্ছাপত্ৰৰ সবিশেষ

২০২৪ চনৰ অক্টোবৰত মৃত্যুবৰণ কৰা উদ্যোগপতি তথা সমাজহিতৈষী ৰতন...