এইবাৰ ব্ৰইলাৰ কুকুৰাৰ বৃহৎ ছিণ্ডিকেট অসমত

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিচতো ৰাজ্যত অব্যাহত ছিণ্ডিকেট। চিৰাঙত এইবাৰ পোহৰলৈ আহিছে ব্ৰইলাৰ কুকুৰাৰ বৃহৎ ছিণ্ডিকেট। প্ৰতি দিনে বজাৰত বৃদ্ধি পাবলৈ ধৰিছে ব্ৰইলাৰ কুকুৰাৰ মাংসৰ দাম। কিয়নো ব্ৰইলাৰ আমদানিত চলিছে ভয়ংকৰ ছিণ্ডিকেট। পশ্চিম বংগৰ পৰা অহা প্ৰতিখন ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা দালালে সংগ্ৰহ কৰি আহিছে ১৫ৰ পৰা১৬ হেজাৰ টকাকৈ গুণ্ডা কৰ। যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে ব্ৰইলাৰ কঢ়িওৱা বাহনৰ ব্যৱসায়ীসকলৰ। অভিযোগ অনুসৰি আৰক্ষী-পৰিবহন বিভাগো জড়িত এই ব্ৰইলাৰ ছিণ্ডিকেটৰ সৈতে। কিবা কাৰণে গুণ্ডাকৰ নিদিলে ব্ৰইলাৰ কুকুৰা কাঢ়ি লোৱাৰ লগতে জৰিমনাও লয় দালাল চক্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...