বিদায় বীৰ!

এটা অৰ্ধনিৰ্মিত ঘৰ
বুকু বিদাৰি যোৱা কাতৰ কান্দোন
আৰু এটা হিয়া ভঙা খবৰ
গাঁৱৰ আকাশ কঁপাই গুজৰিল ২১ টা টোপধ্বনি
এই গৌৰৱময় ক্ষণ, অথচ মৰ্মান্তিক মূহূৰ্তৰ সাক্ষী হৈ ৰ’ল অগণন মানুহ আৰু মানুহ
এই মাহত এই ঘৰটোতে অনুষ্ঠিত হোৱাৰ কথা আছিল গৃহ প্ৰৱেশৰ কাৰ্যসূচী
আমন্ত্ৰণ জনোৱাৰ কথা আছিল আত্মীয়–স্বজন, ওচৰ–চুবুৰীয়াক

আজি বিনা নিমন্ত্ৰণে এই মানুহখিনিয়ে ঘৰটো ভৰাই তুলিছে। ঘৰৰ মূল মানুহজনক এবাৰ চাবলৈ ৰৈ আছে তেওঁলোক।

বীৰদৰ্পে আহিব লগা মানুহজন আহিল থৰ উশাহ এটা লৈ। বুকু ভঙা খবৰ এটা হৈ।

বীৰৰ দৰে যুঁজি ছহিদ হৈ ঘৰলৈ উভতিল বীৰ জোৱান লম্বোধৰ সিংহ। নিজ গাঁৱত উপস্থিত হোৱাৰ লগে লগে লৈ যোৱা হ’ল তেওঁৰ সপোনৰ ঘৰখনলৈ। কফিনত আৱদ্ধ নিথৰ শৰীৰে তাতে জুৰালে এপৰ।

৩০ জানুৱাৰীত নক্মালৰ সৈতে চলিছিল সেনাৰ সংঘৰ্ষ
দেশমাতৃৰ সেৱাত সমৰ্পিত সেনা জোৱান এইজন লম্বোধৰ সিংহও আগবাঢ়িছিল অভিযানত
সিংহৰ দৰে যুঁজি অৱশেষত বীৰগমণ
তিনিবৰণীয়া পতাকাৰে মেৰিয়াই নিজৰ মাটিলৈ লৈ অনা হ’ল ছহিদৰ নশ্বৰ দেহ

বিমানযোগে লৈ অহা হ’ল লম্বোধৰ সিংহৰ নিথৰ দেহ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত পূৰ্বৰে পৰা অপেক্ষাৰত চি আৰ পি এফ,অসম আৰক্ষী আৰু চি আই এছ এফৰ উচ্চ পদস্থ বিষয়া-জোৱান। বিমানৰ পৰা এখন কণ্টেইনাৰ বাহনেৰে আনি যথাস্থানত উপগত কৰোৱাৰ লগে লগেই ছহিদ লম্বোদৰৰ বক্ষত অৰ্পণ কৰা হ’ল ভাৰতীয় ত্ৰিৰংগা। বাজি উঠিল ঐক্যতান। দিয়া হ’ল সামৰিক মৰ্যাদা।

ছহিদক শেষ বিদায় দিবলৈ আগবাঢ়িল বি,টি,চি প্ৰধান প্ৰমোদ বড়ো। চিৰাঙলৈ বীৰদেহ কঢ়িওৱাৰ দায়িত্ব লৈ আহিছিল প্ৰমোদ বড়ো।

বীৰ জোৱানৰ বীৰ গাথা সুঁৱৰিলে জ্যেষ্ঠ বিষয়াই। ক’লে কিদৰে সিংহৰ দৰে যুঁজিলে এইজন অসমীয়াই।

বিমানবন্দৰৰ পৰা পোনে পোনে নিয়া হ’ল চিৰাঙলৈ। পোনতে প্ৰৱেশ কৰোৱা হ’ল এই নতুন ঘৰখনত। য’ত প্ৰৱেশৰ আশা মনতে ৰ’ল ছহিদ লম্বোধৰৰ।

শোকত ম্ৰিয়মাণ এই ঘৰখনলৈ এইদৰে লৈ অনা হ’ল বীৰদেহ। কেৱল কান্দোন, আৰু কান্দোন

চিৰাঙৰ এই ঘৰখনৰ পৰা লৈ যোৱা হ’ল কাকৰাগাঁও ভাটীপাৰাৰ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলীৰ স্থানলৈ

বীৰ পুত্ৰৰ বীৰগমণত সজল নেত্ৰে অথচ বীৰদৰ্পে বিদায় জনালে শোকাকুল পিতৃয়ে। কান্দি ভাগি পৰা ভাতৃও আগবাঢ়ি আহিল শেষ শ্ৰদ্ধা নিবেদনৰ বাবে। স্বামীহাৰা হ’ল এইগৰাকী পত্নী, পিতৃহাৰা হ’ল এইগৰাকী কণমানি। জনালে শেষ শ্ৰদ্ধা। গাঁওবাসী উবুৰি খায় আহিল এই পথাৰলৈ লৱৰি। আহিল দল সংগঠন, নেতা নেত্ৰী। গাঁৱৰ আকাশ কঁপাই গুজৰিল ২১ টা টোপধ্বনি।

এই গৌৰৱময় ক্ষণ, অথচ মৰ্মান্তিক মূহূৰ্তৰ সাক্ষী হৈ ৰ’ল অগণন মানুহ আৰু মানুহ

বীৰ জোৱানৰ বীৰোচিত বিদায় দিবলৈ অহা সকলো ম্ৰিয়মাণ। অনুজ, সতীৰ্থ, সহকৰ্মীৰ কান্ধত উঠি এইদৰে আগবাঢ়িল বীৰ কুঁজীয়া নৈৰ পাৰলৈ। কাকৰাগাঁও ভাটীপাৰাৰ ৰাজহুৱা শ্মশানৰ চিতাত তুলি দিয়া হ’ল শৰীৰ। শেষ বাৰলৈ আকৌ এবাৰ গাঁৱৰ ল’ৰাক মনতে চালামী দিলে ৰাইজে। পঞ্চভূতত বিলীন হ’ল বীৰ লম্বোদৰৰ শৰীৰ। NK TV PLUS ৰ তৰফৰ পৰাও বীৰ জোৱানলৈ যাচিছোঁ শ্ৰদ্ধাঞ্জলী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...