মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি সংৰক্ষণৰ আলোচনা চক্ৰ-গ্ৰন্থ উন্মোচন

কোচবিহাৰৰ মধুপুৰ সত্ৰত বুঢ়ীৰপো গোবিন্দ আতৈৰ তিথিৰ লগত সংগতি ৰাখি আজি ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাই “সাঁচিপতীয়া পুথি আৰু ঐতিহ্য সংৰক্ষণ” শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত কৰাৰ লগতে ‘কেনে আছা মধুপুৰ’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। মধুপুৰ সত্ৰৰ ধৰ্মাচাৰ্য মাধৱ দেৱমহন্তই‌ সম্পাদনা কৰা গ্ৰন্থ খন উন্মোচন কৰে মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত ‌মহন্তই। কোচবিহাৰৰ হৰিপুৰ সত্ৰৰ সত্ৰাধিকাৰ অখিল‌ সূত্ৰধৰে বৰগীত পৰিৱেশন কৰি আলোচনা চক্ৰৰ ‌শুভাৰম্ভ কৰে। আলোচনা চক্ৰৰ সঞ্চালনা কৰি দিয়া ভাষণত ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ আহ্বায়ক তথা বিলাসী পাৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড০হৰিচৰণ দাসে কয় যে সাচিপতীয়া পুথি কেৱল অসম বা ভাৰতৰ ঐতিহ্য নহয় ,বিশ্বৰ ঐতিহ্য।

আলোচনাত অংশ গ্ৰহণ কৰি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যাপক ড০পৰশমণি দাসে সঢিত্ৰ সাচিপতীয়া পুথি সমূহৰ শিল্পগুণ আলোচনা কৰে।শিৱসাগৰৰ বেতবাৰী নামঘৰৰ ভকত খগেন গোহাঁয়ে পৰম্পৰাগত ভাবে নামঘৰসমূহত চলি অহা সাচিপতীয়া পুথিৰ সংৰক্ষণ পদ্ধতি সম্পৰ্কে আলোচনা কৰে। অনুষ্ঠান উপলক্ষে মধুপুৰ সত্ৰত সংৰক্ষিত গুৰুদুজনাৰ দিনৰ সাচিপতীয়া পুথি,কাপ মৈলাম আদি প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত উদেশ্য বাখ্যা কৰে ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ কাৰ্যকৰী সদস্য ভাস্কৰ হাজৰিকাই।”কেনে আছা মধুপুৰ’ গ্ৰন্থ খনৰ সম্পাদক তথা ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ সা্ংগঠনিক সম্পাদক মাধৱ দেৱমহন্তই মধুপুৰ সত্ৰত থকা সাচিপতীয়া পুথিসমূহ ৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে অৱগত কৰে। অনুষ্ঠানত মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ‌ৰায়, শুৱালকুছি সাহিত্য সভাৰ সম্পাদক অনিল বৈশ্য প্ৰমুখ্যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সজ্জন উপস্থিত আছিল।

আনহাতে, গোবিন্দ আতৈৰ তিথি উপলক্ষে অসমৰ জিনকাটা ,হালাকুৰা,শিমলাবাৰী, পশ্চিম বঙ্গৰ হৰিপুৰ আদি অঞ্চলৰ ৰাইজে নাম কীৰ্তনৰ আয়োজন কৰে। মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰা বাবে পশ্চিম বংগ তথা অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আৰু গুৰুজনাৰ মহিমাৰে মহিমামণ্ডিত মধুপুৰ সত্ৰখন চিৰ উজ্জীৱিত কৰি ৰাখিবলৈ আহ্বান জনায়। তেওঁ মাধুপুৰত জন্মলাভ কৰা ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাই গুৰুজনাৰ সৃষ্টি আৰু আদৰ্শক বিশ্বৰ আগত তুলি ধৰাত সফল কাম হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...