ধাৰাবাহিকভাৱে দেশৰ প্ৰান্তে প্ৰান্তে বোমাতংক

ধাৰাবাহিকভাৱে দেশৰ প্ৰান্তে প্ৰান্তে বোমাতংক। বৃহস্পতিবাৰে গুৱাহাটী ৰে’ল ষ্টেচন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত বোমাতংকই ৰূদ্ধশ্বাস পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত শুকুৰবাৰে মুম্বাইত থকা ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় আৰু দিল্লীৰ ৬খন বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকিয়ে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

RBI লৈ ৰুছ ভাষাত e-mailত আহিল বোমা সংস্থাপনৰ ভাবুকি। এমাহৰ ভিতৰতে ২য় বাৰ RBIলৈ আহিল বোমাৰ ভাবুকি। ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত অহা ভাবুকিয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। বেংক কৰ্তৃপক্ষই খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত। আৰক্ষীয়ে ভাবুকি দিয়া লোকৰ সন্ধানত অনুসদ্ধান অব্যাহত ৰখাৰ লগতে কোন স্থানৰ পৰা বোমা ভাবুকিৰ email আহিছে তাক নিৰ্দ্ধাৰণৰ বাবেও চেষ্টা চলাই আছে। ইফালে শুকুৰবাৰে পুনৰ দিল্লীৰ ৬খন বিদ্যালয়লৈ আহিল বোমা সংস্থাপনৰ ভাবুকি। বিদ্যালয়ৰ emaiত দুৰ্বৃত্তই প্ৰেৰণ কৰে ভাবুকি বাৰ্তা।

বোমা সংস্থাপনৰ ভাবুকিৰ মেছেজে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে বিদ্যালয়কেইখনত। মুম্বাইৰ RBIৰ মুখ্য কাৰ্যালয় আৰু দিল্লীৰ বিদ্যালয় কেইখনত অনুসন্ধান চলাই আছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰা নাই। কিন্তু ধাৰাবাহিক ভাবে আহি থকা বোমা সংস্থাপনৰ ভবুকিয়ে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে গুৱাহাটী ৰে’ল ষ্টেচন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত বোমা সংস্থাপনৰ ভাবুকিক লৈ মহানগৰ আৰক্ষীয়ে চলাই আছে তদন্ত।

GRP, RPF, SOGৰ সহযোগত মহানগৰ আৰক্ষীয়ে চলাইছে অভিযান। মেঘালয় আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিললে এটা অভিযুক্তক। দেশৰ আন স্থানৰ দৰে গুৱাহাটীতো উদ্ধাৰ হোৱা নাই কোনো বিস্ফোৰক সামগ্ৰী। হাইলাকান্দিৰ ৰিপন ৰয় নামৰ যুৱক এজনক মেঘালয়ত আটক কৰিছিল আৰক্ষীয়ে।

ৰিপন ৰয় পেচাত কয়লা খনিৰ শ্ৰমিক। অভিযুক্ত ৰিপন ৰ‌য় মানসিকভাবে অসুস্থ। ৰিপন ৰ‌য়ৰ মোবাইলৰ পৰাই Prank call আহিছিল আৰক্ষীৰ হেল্প লাইন নম্বৰলৈ। অসম আৰক্ষীৰ চৰকাৰী ই-মেইললৈও আহিছিল গুৱাহাটী বিশ্ববিদ্যালয়ত বোমা সংস্থাপনৰ ভাবুকি। কিন্তু এতিয়াও ভাবুকিৰ মেইলটোৰ তথ্য উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী।

কিন্তু কি উদ্দেশ্যত এনে ভাবুকি দি আছে দুৰ্বত্তই। সেই কথা এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। দেশজুৰি একেই দশা আৰক্ষী, প্ৰশাসনৰ। প্ৰথমে বিমানত, তাৰ পিছত বিদ্যালয়, ৰে’ল ষ্টেচন আদি বোমাৰে উৰুৱাই দিয়া ভাবুকি। আজি কেইবা মাহ ধৰি চলি আছে এই ঘটনা। দিশহাৰা আৰক্ষী, আতংকিত জনসাধাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...