বয়িং ৭৩৭ত পুনৰ অথন্তৰ; ২৬,০০০ ফুট তললৈ নামি আহিল বিমান

আকাশমাৰ্গত আকৌ এবাৰ বিপত্তি! মাত্ৰ কেইমিনিটমানৰ ভিতৰতে জাপানৰ স্প্ৰিং এয়াৰলাইনছৰ এখন বিমান ২৬,০০০ ফুট তললৈ নামি আহে। মঙলবাৰৰ গভীৰ নিশাৰ এই ঘটনাই বিমানৰ ভিতৰত তীব্ৰ আতংকৰ সৃষ্টি কৰে। শেষত বিমানখনক ওছাকাৰ এখন বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰোৱা হয়।

সংবাদ মাধ্যম ‘চাউথ চাইনা মৰ্নিং পোষ্ট’ৰ এটা প্ৰতিবেদনৰ মতে, বয়িং-৭৩৭ জে এল ৮৬৯৬ বিমানখন মঙলবাৰে চাংহাইৰ পৰা টকিঅ’লৈ উৰা মাৰিছিল। নিৰ্ধাৰিত সময়ত টকিঅ’ৰ নাৰিতা বিমানবন্দৰত অৱতৰণৰ কথা আছিল এই বয়িং বিমানখনৰ। কিন্তু আকাশৰ মাজত বিমানৰ কৰ্মীসকলে হঠাৎ কেবিনৰ ভিতৰত বায়ুৰ চাপ বৃদ্ধিৰ সতৰ্কবাৰ্তা লাভ কৰে। লগে লগে বিমানৰ ভিতৰত জৰুৰী অৱস্থা ঘোষণা কৰা হয়। বিমানখনত ১৯১জন যাত্ৰী আছিল। আতংকিত যাত্ৰীসকলে অক্সিজেন মাস্ক পিন্ধি শ্বাস-প্ৰশ্বাস ল’বলৈ আৰম্ভ কৰে। সেই সময়ৰ কেইবাটাও ভিডিঅ’ সমাজমাধ্যমত ভাইৰেল হৈ পৰে, য’ত দেখা গৈছে যাত্ৰীসকলে আতংকত অক্সিজেন মাস্কৰ সহায়ত শ্বাস লৈছে।

জানিব পৰা গৈছে যে, পৰৱৰ্তী ১০ মিনিটৰ ভিতৰতে বিমানখন ২৬,০০০ ফুট তললৈ নামি আহে। বিপদ এৰাই চলিবলৈ পাইলটে গন্তব্য স্থান সলনি কৰি বিমানখনক ওছাকাৰ কানছাই আন্তৰ্জাতিক বিমানবন্দৰৰ ফালে ঘূৰায়। শেষত তাতে বিমানখন জৰুৰীকালীনভাবে অৱতৰণ কৰে। তথাপিও বিমানখনত থকা ১৯১ জন যাত্ৰী আৰু ক্ৰু সদস্য সকলো অক্ষত অৱস্থাত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...