ৰাজ্যত যুৱতী-নাৰীৰ সুৰক্ষা এতিয়া শূন্য!

দিল্লীৰ নিৰ্ভয়াই হওক, কলকাতাৰ অভয়াই হওক, নামবিহীনা কোনোবা নিৰ্যাতিতাই হওক ধিঙৰ। দেশ-ৰাজ্য, সুগম-দুৰ্গম সকলো অঞ্চলতে আজি নাৰীৰ সুৰক্ষা শূন্য। নহ’লেনো এটা সুসংবদ্ধ ন্যায় ব্যৱস্থা থকাৰ পিছতো, একোটা বৃহৎ প্ৰশাসন যন্ত্ৰ, আৰক্ষীৰ স্মাৰ্টনেছ থকাৰ সময়তো ঠায়ে ঠায়ে নিৰ্যাতিতা হৈয়েই থাকে নে নাৰী? এইবাৰ এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰা ঘটনা সংঘটিত হ’ল। ঘটনাৰ স্থান মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষী চকীৰ অন্তৰ্গত বৰবড়ি আৰু কালিকাজাৰীৰ মাজৰ এটা পুখুৰী। পুখুৰীৰ পাৰত বুজন লোকৰ ভিৰ। ভিৰটোৱে উত্সুকতাৰে চাই আছে পুখুৰীলৈ। পুখুৰীত কিবা এটা ওপঙি আছে। স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে। সেইটো এগৰাকী যুৱতীৰ মৃতদেহ। হুৱা-দুৱা লাগিল অঞলটোত। প্ৰত্যক্ষদৰ্শীৰ মতে- উলংগ অৱস্থাত উপঙি আছিল যুৱতীগৰাকীৰ মৃতদেহ। পুখুৰীত ভাসমান মৃত যুৱতীৰ পৰিচয় : অজ্ঞাত। যুৱতীগৰাকী স্থানীয় নহয়।

মৃতদেহটো প্রত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লয় আৰক্ষীয়ে। দেশ-দুনিয়াৰ শেহতীয়া বা-বাতৰিৰ পৰা অনুমান কৰি, উলংগ অৱস্থাত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ এনেদৰে পুখুৰীত উদ্ধাৰ হোৱাত ধর্ষণ-হত্যাৰ সন্দেহ কৰিছে ৰাইজে।

এতিয়া আৰক্ষীৰ তদন্তই পোহৰাব ঘটনাৰ ওপৰৰ ৰহস্যৰ ছাঁ। উদঙাব, দুৰ্গাক পূজাৰ দেশত আকৌ এবাৰ লুণ্ঠিত হল নেকি মানৱতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...