এটা বিপদ যায়, আন এটা বিপদ আহে!

লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ল। ফলাফল ভাল হ’লেও আশা কৰাধৰণে চমকপ্ৰদ একো কৰি দেখুৱাব নোৱাৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। অসমতো তেনেকুৱাই হ’ল। এতিয়া৩ উপ-নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰস্তুতিত ব্যস্ত শাসক-বিৰোধী। তাৰ মাজতে বিপদে লগ নেৰা হৈছে ভাৰতীয় জনতা পাৰ্টীক। ইটোৰ পাছত সিটো সমস্যা বিজেপিৰ সন্মুখত। বিগত বহুদিন ধৰি নিজৰে দলৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি আহিছে জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। ভোটগ্ৰহণৰ পৰা আৰম্ভ কৰি ফলাফল ঘোষণালৈকে। দলৰ বিৰুদ্ধে ইটোৰ পাছত সিটো মন্তব্য কৰিছিল অশোক শৰ্মাই। দলীয় অনুশাসন ভংগৰ অভিযোগত ৰোষতো পৰিছিল তেওঁ। কিন্তু তেওঁৰ অভিযোগসমূহো পোনছাটেই নাকচ কৰি দিব পৰা বিধৰ নাছিল। পুনৰ ওলাই অশোক শৰ্মাৰ প্ৰসংগ। ৮-৯ আগষ্টত বিজেপি ত্যাগ কৰিব জ্যেষ্ঠ নেতা অশোক শৰ্মাই। দল এৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ আক্ৰমণ কৰিলে জ্যেষ্ঠ বিজেপি নেতাজনে। প্ৰত্যক্ষভাৱে দুয়োকে আক্ৰমণ কৰি নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই মুখ্যমন্ত্ৰীক তুলনা কৰিলে ল’ৰা ৰজাৰ লগত।

অসম বৃক্ষ ৰোপন শস্য নিগমৰ অধ্যক্ষৰ দায়িত্বত থকা অশোক শৰ্মাই ক্ষোভ প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধেও। অশোক শৰ্মাৰ মতে বিজেপি এতিয়া পথভ্ৰষ্ট। ক্ষমতাৰ ৰাগীত মতলিয়া হৈছে বিজেপিৰ নেতা। BJPক তীব্ৰ সমালোচনা কৰি শৰ্মাই কলে দলটোত আজি গণতন্ত্ৰৰ অভাৱ। সৰ্ব্বধৰ্ম সমভাৱৰ পৰিৱৰ্তে সমাজক ধৰ্মৰ নামত ভাগ ভাগ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। সমাজ আজি ভীতিগ্ৰস্ত বুলি উল্লেখ কৰিলে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই।

যোৱা ২০ মে’ত বিজেপিৰ ৰাজ্যিক নেতৃত্বই দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰত অশোক শৰ্মাই ৩ বছৰে তেওঁৰ ওপৰত হোৱা অন্যায়ৰ বিষয়ে বিতংভাৱে জনাইছিল। কিন্তু এইক্ষেত্ৰত নিশ্চুপ হৈ থাকিল ৰাজ্যিক সভাপতি। গতিকে ল’ৰালি কালতে সংঘত ভৰ্তি হৈ দেখা সপোনবোৰ ভাগি গ’ল বুলিও ক’লে অশোক শৰ্মাই। সংবাদমেলত বিজেপি বেয়া হৈ গৈ আছে কংগ্ৰেছ ভালহৈ গৈ আছে সুৰতো মন্তব্য কৰিলে বিজেপি এৰিব খোজা নেতাজনে। সেয়ে বিজেপি এৰি অশোক শৰ্মাই কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা প্ৰকট হৈছে। অশোক শৰ্মাৰ এই সংবাদমেলে পুনৰ স্পষ্ট কৰিলে ন-পুৰণি বিজেপিৰ সংঘাত তীব্ৰতৰ হৈছে আৰু ৰাজ্যৰ ৰাজনীতিত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

দলৰ ভিতৰত একপ্ৰকাৰ অসন্তুষ্টি, অৰাজকতা। তাৰ মাজতে বিজেপি নেতৃত্বাধীন ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৌৰসভাতো চৰম অব্যৱস্থাপনা। বশিষ্ঠ বা দিছপুৰৰ পৰাই এই সমস্যাৰ সমাধান কৰাৰ চেষ্টা চলোৱা হৈছিল যদিও দুই এখন পৌৰসভাৰ আভ্যন্তৰীণ সংঘাত তুংগতহে উঠিছে। এনে সময়ছোৱাত শনিবাৰে বাজপেয়ী ভৱনলৈ তলব কৰা হ’ল ৭খন পৌৰসভাৰ বিষয়ববীয়াক। এক প্ৰকাৰ সংকটমোচন বৈঠক আহ্বান জনালে ভৱেশ কলিতাই। এয়া জৰুৰী কাৰণ সংকটে ঘেৰি ধৰিছে ৰাজ্যিক বিজেপিক। কেতিয়াবা যদি জেষ্ঠ নেতাৰ অসন্তুষ্টি আন কেতিয়াবা জিলা প্ৰতিনিধিৰ বিক্ষোভ। এইবাৰ বিজেপি নেতৃত্বাধীন পৌৰসভাত অচলাৱস্থা। এটা সমস্যা সমাধান কৰিবলৈ গৈ আন এটা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে শাসকীয় বিজেপি। বিমোৰত পৰিছে ৰাজ্যিক নেতৃত্ব।

কাক দিব বুজনি, কাক কৰিব সন্তুষ্ট? ৰাজ্যত বিজেপি নেতৃত্বাধীন ৭ খন পৌৰসভাই আনিছে অনাস্থা। চৰম পৰ্যায় পাইছেগৈ তিনিচুকীয়া পৌৰসভা। ১৫ জন সদস্যৰে গঠিত তিনিচুকীয়া পৌৰসভাত খোদ পৌৰপতিৰ বিৰুদ্ধে অনাস্থা আনিছে ১০জন সদস্যই। সূত্ৰ অনুসৰি বৰ্তমানৰ পৌৰপতি পবিত্ৰ গগৈৰ বিৰুদ্ধে থিয় হৈছে ১০ জন সদস্য। অভিযোগ পৌৰপতিৰ একনায়কত্ববাদৰ। তিনিচুকীয়াৰ দৰেই পৰিবেশ হৈছে ৰাজ্যৰ আন ৬খন পৌৰসভাতো। তালিকাত আছে তেজপুৰ, হাইলাকান্দি, বিলাসীপাৰা, বিহপুৰীয়া, যোৰহাট, বৰপেটা। এনে সময়ছোৱাত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক নেতৃত্বই পৌৰসভাসমূহক অনাস্থা নানিবলৈ অনুৰোধ কৰিও হাৰ মানিছে। উপায়ন্তৰ নাপাই নেতৃত্বই শনিবাৰে তলব কৰিলে অসন্তুষ্ট পৌৰসভাসমূহক। একপ্ৰকাৰ শনিবাৰে সংকট মোচনৰ চেষ্টা চলিল বাজপেয়ী ভৱনত। সভাপতি ভৱেশ কলিতাই এটা এটাকৈ শুনিলে অসন্তুষ্ট পৌৰসভাৰ কথা। কিন্তু পৌৰসভাসমূহৰ অসন্তুষ্টিৰ বিপৰীতে ৰাজ্যিক নেতৃত্বয়ো এই পর্যন্ত দিব পৰা নাই কোনো স্থায়ী সমাধান। মুঠৰ ওপৰত সমস্যাৰ অন্ত নাই।

বিজেপিৰ ভিতৰচৰাত যদি সংঘাত তীব্ৰতৰ হৈছে। একেদৰে বিভিন্ন ঠাইৰ জনতাৰ মোহভংগ হৈছে একাংশ নেতাৰ ওপৰত। বিজেপিলৈ মন মেলা বিধায়ক এইবাৰ বিজেপি কৰ্মীৰেই ৰোষত পৰিল। কাছাৰৰ কাটিগড়াত মন্ত্ৰী পীযূষ হাজৰিকাৰ সম্মুখত বিধায়ক কমলাক্ষ দে পুৰকায়স্থক খেদা দিলে ৰাইজে। বিজেপিলৈ মন মেলা কমলাক্ষ পৰিল ৰাইজৰ ৰোষত। কাটিগড়াৰ একাংশ লোকে দালাল বুলি অভিহিত কৰি কমলাক্ষক ককৰ্থনা কৰিলে। ঘটনা লৈ কাটিগড়াৰ স্থানীয় বিজেপি কৰ্মী আৰু কমলাক্ষৰ সমৰ্থকৰ মাজত ঠেলাহেঁচা। ভিৰৰ মাজত কমলাক্ষৰ ওপৰত আক্ৰমণো কৰিলে একাংশই। পৰিস্থিতি বেয়া দেখি জলসম্পদ বিভাগৰ বিষয়াৰ বাহনত উঠি পলায়ন কমলাক্ষৰ। বৰাকৰ ছিগা মথাউৰি আৰু বিকল চুইছ গেট পৰিদৰ্শনৰ বাবে বৰাকত উপস্থিত হৈছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। কৰিমগঞ্জ আৰু হাইলাকান্দিৰ পাছত কাছাৰৰ কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তত উপস্থিত হয়গৈ মন্ত্ৰীজন। মন্ত্ৰীৰ এই পৰিদৰ্শনৰ সময়ত তেওঁৰ লগত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থও উপস্থিত থাকে। সেই সময়তে কমলাক্ষক দেখি হঠাৎ ক্ষুব্ধ হৈ পৰে একাংশ লোক। কমলাক্ষ গো বেক, কমলাক্ষ মূৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। যেন শনি লাগিছে ভাৰতীয় জনতা পাৰ্টীত। বিপদে লগ নেৰা হৈছে। এটা বিপদ যায়। আন এটা এটা বিপদ আহে।

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...