অসমলৈ কিয় আহিছে জে পি নাড্ডাই?

অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা। কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিছে ৰাষ্ট্ৰীয় সভাপতিজন। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীয়ে উষ্ম আদৰণি তথা স্বাগতম জনায়। বহুতো কাৰ্যকৰ্তা আৰু ৰাইজে বিপুল উৎসাহেৰে ঢোলে ডগৰে নাড্ডাক আদৰাৰ সময়ত মন্ত্ৰী অশোক সিংহাল, যোগেন মহন প্ৰমুখ‍্যে ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় ক্ৰমে দিপ্লুৰঞ্জন শৰ্মা আৰু পল্লৱ লোচন দাসৰ লগতে ৰাজ‍্যিক তথা জিলা পৰ্যায়ৰ আন বহুতো কাৰ্যকৰ্তা উপস্থিত থাকে। বিমান বন্দৰৰ পৰা কইনাধৰালৈ আদৰণি জনালে বিজেপি কাৰ্যকৰ্তাই। নিশাটো কইনাধৰাতে কটালে ৰাষ্ট্ৰীয় সভাপতিজনে। আজি মঙলদৈ অসামৰিক হাস্পতালত ৫০খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰিব নাড্ডাই। তেজপুৰ অসামৰিক মানসিক আঞ্চলিক চিকিৎসালয়ত এটা লাইব্ৰেৰীৰ শুভ উদ্বোধন কৰিব। উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংহলো। এই পুথিভঁৰালত ৪০ হাজাৰত কৈ অধিক গ্ৰন্থ উপলদ্ধ। ইয়াৰ লগতে চাংসাৰীস্থিত AIIMSও পৰিদৰ্শন কৰিব নাড্ডাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...