CAAৰ সপক্ষে পুনৰ সৰৱ হৈ পৰিছে শাসকীয় বিজেপি দল

২০২৪ৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত CAAৰ সপক্ষে পুনৰ সৰৱ হৈ পৰিছে শাসকীয় বিজেপি দল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখত সঘনাই উচ্চাৰিত হৈছে CAAৰ প্ৰসংগ। মঙলবাৰে পশ্চিমবংগত দ্বিতীয়বাৰৰ বাবে CAAৰ সপক্ষে গৃহমন্ত্ৰী অমিত শ্বাহে দিলে হুংকাৰ। CAA দেশৰ এখন আইন। কোনেও এই আইনক বাধা দি ৰাখিব নোৱাৰে। CAA আইনৰ অধীনত সকলো শৰণাৰ্থীয়ে পাব নাগৰিকত্ব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক টাৰ্গেট কৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ অভিযোগ, CAAক লৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বংগত বিজেপিৰ চৰকাৰ হ’লেই বন্ধ হ’ব বিদেশীৰ অনুপ্ৰৱেশ। বংগত শৰণাৰ্থীসকলে পাব নাগৰিকত্ব। উল্লেখযোগ্য যে, CAA ৰূপায়ণক লৈ এমাহ পূৰ্বেও পশ্চিমবংগত গৃহমন্ত্ৰী অমিত শ্বাহে দিছিল হুংকাৰ। ইয়াৰ পিছতে অমিত শ্বাহৰ এই মন্তব্যক লৈ অসমতো হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে তীব্ৰ বিৰোধিতা কৰিছিল অমিত শ্বাহৰ মন্তব্যৰ। কেতিয়াও CAA মানি নোলোৱাৰ ইতিমধ্যে হুংকাৰ দিছে অসমৰ বিভিন্ন দল-সংগঠনে। ইয়াৰ মাজতে মঙলবাৰে পশ্চিমবংগত ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম আৰু IT কোষৰ এখন বৈঠকত উপস্থিত থাকি CAA ৰূপায়ণ সন্দৰ্ভত হুংকাৰ দিলে অমিত শ্বাহে। উল্লেখযোগ্য যে, সংসদত ইতিমধ্যে CAA গৃহীত হৈছে যদিও বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা নাই CAAৰ বিধি। যি বিধিৰ জৰিয়তে বহিঃৰাষ্ট্ৰৰ পৰা অহা হিন্দু শৰণাৰ্থীসকলক চৰকাৰে প্ৰদান কৰিব নাগৰিকত্ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...