CAAৰ সপক্ষে পুনৰ সৰৱ হৈ পৰিছে শাসকীয় বিজেপি দল

২০২৪ৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত CAAৰ সপক্ষে পুনৰ সৰৱ হৈ পৰিছে শাসকীয় বিজেপি দল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখত সঘনাই উচ্চাৰিত হৈছে CAAৰ প্ৰসংগ। মঙলবাৰে পশ্চিমবংগত দ্বিতীয়বাৰৰ বাবে CAAৰ সপক্ষে গৃহমন্ত্ৰী অমিত শ্বাহে দিলে হুংকাৰ। CAA দেশৰ এখন আইন। কোনেও এই আইনক বাধা দি ৰাখিব নোৱাৰে। CAA আইনৰ অধীনত সকলো শৰণাৰ্থীয়ে পাব নাগৰিকত্ব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক টাৰ্গেট কৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ অভিযোগ, CAAক লৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বংগত বিজেপিৰ চৰকাৰ হ’লেই বন্ধ হ’ব বিদেশীৰ অনুপ্ৰৱেশ। বংগত শৰণাৰ্থীসকলে পাব নাগৰিকত্ব। উল্লেখযোগ্য যে, CAA ৰূপায়ণক লৈ এমাহ পূৰ্বেও পশ্চিমবংগত গৃহমন্ত্ৰী অমিত শ্বাহে দিছিল হুংকাৰ। ইয়াৰ পিছতে অমিত শ্বাহৰ এই মন্তব্যক লৈ অসমতো হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে তীব্ৰ বিৰোধিতা কৰিছিল অমিত শ্বাহৰ মন্তব্যৰ। কেতিয়াও CAA মানি নোলোৱাৰ ইতিমধ্যে হুংকাৰ দিছে অসমৰ বিভিন্ন দল-সংগঠনে। ইয়াৰ মাজতে মঙলবাৰে পশ্চিমবংগত ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম আৰু IT কোষৰ এখন বৈঠকত উপস্থিত থাকি CAA ৰূপায়ণ সন্দৰ্ভত হুংকাৰ দিলে অমিত শ্বাহে। উল্লেখযোগ্য যে, সংসদত ইতিমধ্যে CAA গৃহীত হৈছে যদিও বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা নাই CAAৰ বিধি। যি বিধিৰ জৰিয়তে বহিঃৰাষ্ট্ৰৰ পৰা অহা হিন্দু শৰণাৰ্থীসকলক চৰকাৰে প্ৰদান কৰিব নাগৰিকত্ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত অসমৰ নতুন অভিলেখ

প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব অসমৰ চাৰি বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত...

২৪ ফেব্ৰুৱাৰীৰ ঝুমইৰ নৃত্যৰ অনুষ্ঠান বিভিন্ন বাগানত পোনপটীয়া প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ নির্দেশ মুখ্যমন্ত্ৰীৰ

জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা...

চলিত ফেব্ৰুৱাৰী মাহতে ৰাজ্যত দুটাকৈ বৃহৎ অনুষ্ঠান

লোকসেৱা ভৱনত 'এডভান্টেজ আছাম ২.০' আৰু 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ...

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...