বৰপেটাৰ পৰাই আৰম্ভ বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ উন্নয়নৰ বাৰ্তা বিলাই, বিৰোধীক তুলাধূনা প্ৰতিৰক্ষামন্ত্ৰীৰ

দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুখনকৈ বিশাল সভাত বজালে নিৰ্বাচনী ৰণডংকা। প্ৰথমবাৰলৈ বৰপেটা সত্ৰত উপস্থিতহৈ কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰীজনে ল’লে মহাপ্ৰভুৰ আশিস। গায়ন বায়নেৰে সত্ৰলৈ উষ্ম আদৰণি ৰাজনাথ সিঙক। সত্ৰ পৰিচালনা সমিতিৰ সৈতে এক বৈঠকতো অংশ ল’লে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰীজনে। ঐতিহাসিক বৰপেতা সত্ৰ দৰ্শন কৰি ৰাজনাথ সিঙে ক’লে।

নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ অহা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষামন্ত্ৰী সিঙে প্ৰথমেই কোকৰাঝাৰত উপস্থিত হৈ ভাগ ল’লে এখন কাৰ্যকৰ্তা সন্মিলনত। বিজেপি-ইউপিপিএল আৰু অগপৰ কৰ্মী সভাত অংশ লৈ বুথ পৰ্যায়ৰ পৰা কৰ্মীসকলক শক্তিশালী হোৱাৰ আহ্বান।

মিত্ৰজোঁটৰ কৰ্মীসকলৰ সন্মুখত ৰাজনাথ সিঙৰ ঘোষণা অগপ বিজেপি ইউপিপিএল বুলি কোনো কথা নাই। এনডিএ হৈ সকলোকে একেলগে কাম কৰি অসমৰ ১৪খন আসনত মিত্ৰজোঁটৰ জয় নিশ্চিত কৰাৰ আহ্বান। কৰ্মকৰ্তা সভাত ৰাজনাথ সিঙৰ দাবী ৪০০+ আসনেৰে পুনৰ চৰকাৰ গঠন কৰিব এনডিএই । দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেৰ্তৃত্বতে পৰৱৰ্তী চৰকাৰ হ’ব সেয়া মানি লৈছে বিশ্বই। ইফালে কোকৰাঝাৰ পিছত বৰপেটা পৌৰসভাৰ খেল পথাৰত এক বিশাল জনসভাও সম্বোধন কৰে ৰাজনাথ সিঙে। মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায় অসমীয়াতে ভাষণৰ আৰম্ভণি কৰে ৰাজনাথ সিঙে। উপস্থি হাজাৰ হাজাৰ ৰাইজক উদ্দেশ্যি প্ৰতিৰক্ষা মন্ত্ৰীজনে ক’লে ‘এয়া সভা নহয়..সমুদ্ৰহে’৷

২০১৪ৰ পিছত অসমত অভাৱনীয় পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰকো প্ৰশংসা ৰাজনাথ সিঙৰ। ফণীভূষণ চৌধুৰিৰ হৈ প্ৰচাৰ চলায় সিঙে ক’লে ভাৰতীয় জনতা পাৰ্টী আমাৰ পাৰ্টী৷ কিন্তু NDA আমাৰ পৰিয়াল৷।

ইফালে বিশাল প্ৰচাৰ সভাত বিৰোধী কংগ্ৰেছ তথা গান্ধী পৰিয়ালৰ বিৰুদ্ধে সৰৱ হ’ল প্ৰতিৰক্ষা মন্ত্ৰীজন। বিজেপিয়ে জনতাক ভগৱান জ্ঞান কৰে। কিন্তু কংগ্ৰেছে এটা পৰিয়ালক ভগৱান মানে বুলি কটাক্ষ।

বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰে বুলি মন্তব্য কৰি ৰাজনাথ সিঙৰ মন্তব্য নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয়েই বিজেপিয়ে দেশত বলৱৎ‍ কৰিলে ‘কা’। কাশ্মিৰৰ পৰা বাতিল কৰা হ’ল ৩৭০ ধাৰা, বাতিল কৰা হ’ল তিনি তালাক আইন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...