ৰকিবুলৰ দুৰ্গত উৰিল গেৰুৱা বাহিনীৰ বিজয় ধ্বজা

অন্ত পৰিল সকলো জল্পনা–কল্পনা, সমীকৰণৰ। গেৰুৱাৰ ধুমুহাত তচনচ হৈ গ’ল কংগ্ৰেছৰ দুৰ্গ চামগুৰি। ২৩ বছৰে কংগ্ৰেছ অভেদ্য দুৰ্গ হিচাপে পৰিচিত চামগুৰিত উপ–নিৰ্বাচনত বিজয়ী সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই। ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ দিন ধৰি উপ–নিৰ্বাচনক লৈ চৰ্চাত আছিল চামগুৰি। বহুতে ধাৰণা কৰিছিল ৰকিবুল হুছেইনৰ জৰিয়তে কংগ্ৰেছ শক্তিশালী স্থিতিত থকা চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থীৰ বিজয় নিশ্চিত। বিজয় নিশ্চিত বুলি ভাবিয়েই ৰকিবুল হুছেইনে নিজৰ পুত্ৰ তাঞ্জিল হুছেইনক কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব দি থিয় কৰাইছিল উপ-নিৰ্বাচনত। বিজেপিয়ে ৰাজ্যিক সম্পাদক দীৰ্ঘদিনৰ বিজেপি কৰ্মী যুৱ নেতা দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থিত্ব দিলে। কংগ্ৰেছ অপ্ৰতিৰোধ্য চামগুৰিত দিপ্লুৰ প্ৰাৰ্থিত্বক লৈ বহুতৰ সন্দেহ উপজিছিল। দিপ্লুৰ পৰাজয় নিশ্চিত বুলি একাংশই বিশ্বাস কৰিছিল। কিন্তু মূৰকত সকলো উলট–পালট গৈ গ’ল।

সন্মানজনক ভোটৰ ব্যৱধানত জয়ী সাব্যস্ত কৰিলে দিপ্লুৰঞ্জন শৰ্মাই। দিপ্লুৰঞ্জনে লাভ কৰিলে ৭৮ হাজাৰ ভোট। উপ-নিৰ্বাচনত জয়ী হৈ মিত্ৰজোঁটৰ সকলো নেতা-কৰ্মীক ধন্যবাদ জনালে দিপ্লুৱে।

পুত্ৰৰ পৰাজয়ৰ পিছত সাংসদ ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক’লে– যুঁজ শেষ হোৱা নাই। পুনৰ শক্তিশালী হৈ যুঁজ দিব বিজেপিৰ বিৰুদ্ধে।

উপ-নিৰ্বাচনৰ পূৰ্বৰে পৰা ৰাজ্যৰ আটাইতকৈ চৰ্চিত সমষ্টিতো আছিল চামগুৰি। সমষ্টিটোত সংঘটিত হোৱা হিংসা, অপ্ৰীতিকৰ পৰিস্থিতিয়ে তোলপাৰ লগাইছিল ৰাজ্যত। গাড়ী ভঙাৰ পৰা মাৰপিটলৈ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল চামগুৰিত। প্ৰাণ গৈছিল এজন লোকৰ। পু্ত্ৰক বিধান সভালৈ অনাৰ বাবে ৰকিবুল হুছেইনে যুঁজ দিছিল যদিও সমষ্টিটোত জঁপিয়াই পৰিছিল বিজেপিৰ ৰথী-মহাৰথী। মিত্ৰজোঁটৰ আন দলৰ নেতা-কৰ্মীয়েও দিল্পুৰ হৈ চলাইছিল প্ৰচাৰ। উপ-নিৰ্বাচনৰ পূৰ্বে ৰকিবুল হুছেইনৰ ঘনিষ্ঠ বহুকেইজন কংগ্ৰছৰ সংখ্যালঘু নেতাই যোগ দিছিল বিজেপিত। মূৰকত বিজেপিৰ আগ্ৰাসী ৰূপে জয়ী কৰিলে চামগুৰিৰ বাহিৰৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক। কম সময়ৰ বাবে হ’লেও অসম বিধানসভালৈ বিধায়ক নিৰ্বাচিত হ’ল দিপ্লুৰঞ্জন শৰ্মা। বিধায়ক হোৱাৰ সপোন প্ৰথম বাৰত সফল নহ’ল ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ। এতিয়া প্ৰশ্ন ৰকিবুল হুছেইনে ২০২৬ত উদ্ধাৰ কৰিব পাৰিবনে চামগুৰিক? নে বিজেপিৰ বাবে চামগুৰি অভদ্য দুৰ্গ হৈ পৰিব?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...