প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা। সংসদীয় ৰাজনীতিত ভৰি দিয়েই নিৰ্বাচন জয় প্ৰিয়ংকাৰ। কেৰালাৰ ৱাইনাড় সমষ্টিত বিপুল ভোটত জয় লাভ কংগ্ৰেছ নেত্ৰীগৰাকীৰ। ৱাইনাড়বাসীৰ হৃদয় জিনিলে প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকাৰ তুলনাত পিছ পৰি ৰ’ল বাওপন্থী নেতা। নিৰ্বাচনত প্ৰিয়ংকাৰ কাষ চাপিবলৈ সক্ষম নহ’ল বিজেপিৰ নব্যা হৰিদাস।

যোৱা লোকসভা নিৰ্বাচনত কেৰালাৰ ৱাইনাড় সমষ্টিৰ লগতে উত্তৰপ্ৰদেশৰ ৰায়বেৰিলীত জয় লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰায়বেৰিলী সমষ্টিটো নিজৰ হাতত ৰাখি ৱাইনাড় সমষ্টিটোক ৰাহুল গান্ধীয়ে এৰি দিছিল ভগ্নী প্ৰিয়ংকা গান্ধীৰ বাবে। ৱাইনাড় লোকসভা সমষ্টিৰ উপ–নিৰ্বাচনৰ জৰিয়তে সংসদীয় ৰাজনীতিত পদাৰ্পণ কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। প্ৰথমবাৰেই ৱাইনাড়ত নিৰ্বাচনী ভাগ্য পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয় প্ৰিয়ংকা। বাওপন্থী নেতা সত্যেন মোকেৰি আৰু বিজেপিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী নব্যা হৰিদাসক পিছপেলাই ৱাইনাড় দখল কৰিবলৈ সক্ষম হয় প্ৰিয়ংকাই। ৪ লক্ষাধিক ভোটৰ ব্যৱধানত ৱাইনাড়ত বিজয় সাব্যস্ত কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। নিৰ্বাচনী ফলফল ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰে ৱাইনাড়বাসীৰ লগতে প্ৰিয়ংকা গান্ধীয়েও। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে ৱাইনাড় সমষ্টিক লৈ উৎসুকতা বৃদ্ধি পাইছিল ৰাজনৈতিক মহলত। সমষ্টিটোত এই উৎসুকতাৰ কেন্দ্ৰ বিন্দু হৈ উঠিছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। পূৰ্ব কেইবাটাও নিৰ্বাচন জয়ৰ অভিজ্ঞতাৰে পুষ্ট CPI(M) প্ৰাৰ্থী সত্যেন মোকেৰি আৰু বিজেপিৰ নব্যা হৰিদাসৰ সন্মুখত প্ৰিয়ংকা তিস্তি থাকিব পাৰিবনে নাই তাক লৈও শংকাৰ সৃষ্টি হৈছিল। কিন্তু এনে চৰ্চা অব্যাহত থকাৰ মাজতে দুয়োগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী অনায়াসে পৰাজিত কৰি সংসদত প্ৰৱেশৰ পথ মুকলি কৰে গান্ধী পৰিয়ালৰ আৰু এগৰাকী সদস্যই। উল্লেখ্য যে বিগত ২ দশকৰো অধিক কাল ধৰি পৰোক্ষ বা প্ৰত্যক্ষভাৱে ৰাজনীতিৰ সৈতে জড়িত হৈ থাকিলেও সক্ৰিয় ৰাজনীতিত ৱাইনাড়ৰ নিৰ্বাচনেই আছিল প্ৰিয়ংকা গান্ধীৰ প্ৰথম সংসদীয় নিৰ্বাচন। সমষ্টিটোত যোৱা লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে লাভ কৰিছিল ৩ লাখ ৬৪ হাজাৰৰো অধিক ভোট। ৱাইনাড়ত এই পৰম্পৰা এইবাৰো ৰক্ষা কৰিবলৈ সক্ষম হ’ল প্ৰিয়ংকা গান্ধী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...