অসহনীয়! অকালতেই হেৰাই গ’ল এটা প্ৰতিভা

আহাৰমহীয়া বানত বিধ্বস্ত উজনি-নামনিৰ জনজীৱন। নিশাৰ ভিতৰতে মথাউৰি ছিগিছে। নিশাৰ ভিতৰতে পানী সোমাইছে। মাজনিশা হুলস্থুল লাগিছে বহু ঠাইত। বহুতৰ মতে বহু বছৰৰ মূৰত হৈছে ইমান প্ৰলয়ংকৰী বান। তাৰ মাজতে গোলাঘাটত শোকাৱহ ঘটনা।

বান অহাৰ শংকাতেই নিজৰ কণমানি সন্তান আৰু পত্নীক লৈ শহুৰ ঘৰলৈ গৈছিল বিশ্বজিত ভূঞা। তেওঁলোকক থৈ পুনৰ নিজৰ ঘৰলৈ উভতিছিল বিশ্বজিত। তেতিয়াই ঘটিছিল অঘটন। টুলুঙা নাও লুটি খাই নিখোঁজ হৈছিল বিশ্বজিত ভূঞা। উদ্ধাৰ অভিযান চলাবলৈ সময়মতে অহা নাছিল আৰক্ষী, এছ ডি আৰ এফ। ক্ষোভ উজাৰিছিল ৰাইজে। যিকেইজন জোৱান আহিল পানীৰ ওপৰতেই নাও চলাই আধাঘন্টাত গুছি গল। মঙলবাৰে অভিযানেই নচলালে। অৱশেষত বিধায়ক মৃণাল শইকীয়াও নামিছিল উদ্ধাৰ অভিযানত। তিনিদিনৰ অন্তত চৰাইচাপৰি নাওমাৰী গাঁৱত বিশ্বজিৎ ভূঞাৰ মৃতদেহ স্থানীয় ৰাইজ আৰু SDRF বাহিনীয়ে উদ্ধাৰ কৰিলে। নিখোজ বিশ্বজিত ভূঞাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই সৃষ্টি হল উত্তপ্ত পৰিস্থিতি। মৃতদেহ উদ্ধাৰ হোৱাৰ তিনিঘণ্টাৰ পাছতো আৰক্ষী আৰু স্থানীয় দেৰগাঁও প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাত সৃষ্টি হয় উত্তেজনাৰ। বহু পলমকৈ প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ পাছত জবাবদিহি কৰিলে ৰাইজে। তীব্ৰ বাক বিতণ্ডা, ৰোষৰ সন্মুখীন চক্ৰ বিষয়া।

গ’ বেক ধ্বনিৰে উত্তাল পৰিৱেশ। ঘটনাস্থলী ত্যাগ কৰি একপ্ৰকাৰ পলায়ন কৰে চক্ৰ বিষয়া মনিষা কলিতাই। উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত SDRF আৰু প্ৰশাসনৰ দুৰ্বল ভূমিকাক লৈ ৰাইজ ক্ষোভিত। মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নিয়ালৈকে উপস্থিত নহ’ল আৰক্ষী।

বিশ্বজিতৰ ঘৰত এতিয়া শোকাকূল পৰিৱেশ। কান্দোনত ভাগি পৰিছে সকলো। ঘটনাতকৈ শোক, প্ৰশাসনৰ হেমাহিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে সকলোৱে।

প্ৰতিভাৱান কণ্ঠশিল্পী বিশ্বজিতৰ মৃত্যুৱে শোকাহত কৰিছে গোলাঘাটবাসীক। লগতে স্পষ্ট কৰিছে দুৰ্যোগ প্ৰশমন, সাহায্য, উদ্ধাৰ অভিযান আদিৰ নামত আচলতে অসমত এই বিভীষিকাৰ সময়ত চলিছে কি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...